
কামৰূপ, ১৭ এপ্ৰিল (হি.স.)। চিবিএছইৰ পৰীক্ষাত ৰঙিয়াৰ চাৰ্চ পাব্লিক স্কুলৰ সফলতা। ৯০ শতাংশৰো অধিক নম্বৰ প্ৰাপ্তিৰে ৰঙিয়ালৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিলে ২১ গৰাকী শিক্ষাৰ্থীয়ে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ সদ্যঘোষিত ফলাফলত ৯০ শতাংশৰো অধিক নম্বৰ প্ৰাপ্তিৰে ২১ গৰাকী শিক্ষাৰ্থীয়ে ৰঙিয়ালৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হোৱা ৭৭ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উদিপ্ত নাথ , গীতাৰ্থ ডেকা,ধিমান শালৈ ,নিশিতা শালৈয়ে ৯৭.২ শতাংশ নম্বৰ লাভ কৰাৰ সমান্তৰালভাৱে আন ১৭ গৰাকী শিক্ষাৰ্থীয়ে ৯০ শতাংশৰো অধিক নম্বৰ প্ৰাপ্তিৰে বিশেষ কৃতিত্ব অৰ্জন কৰে। এইবেলি বিদ্যালয় খনৰ পৰা অৱতীৰ্ণ হোৱা ৭৭ গৰাকী শিক্ষাৰ্থীৰ এশ শতাংশ উত্তীৰ্ণৰে বিদ্যালয় খনে পূৰ্বৰ সফলতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱাত ৰঙিয়াত স্বাভাৱিকতে সৃষ্টি হৈছে উছব মুখৰ পৰিৱেশৰ। তদুপলক্ষে আজি বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিদ্যালয় কৰ্তৃপক্ষই কৃতি ছাত্ৰ-ছাত্ৰী সকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। অধ্যক্ষ সন্দীপ সেনে আঁত ধৰা অনুষ্ঠানটিত কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকা, ছিমবায়চিছ একাডেমীৰ অধ্যক্ষা অশোকা দত্তৰ লগতে পৰিচালন সঞ্চালক প্ৰকাশ শৰ্মা ,অমূল্য বৰ্মন। অংশগ্ৰহণ কৰি আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰে অনুষ্ঠানত। পৰিচালনা সমিতিৰ বিষয়-ববীয়া সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা