
কাছাৰ, ১৭ এপ্ৰিল (হি.স.)। বজ্ৰপাত পৰি কাছাৰত ১১টা গৰুৰ শোকাৱহ মৃত্যু। এই শোকাবহ ঘটনা সংঘটিত হৈছে কাছাৰ জিলাৰ লক্ষীপুৰৰ জয়পুৰ থানাৰ অন্তৰ্গত হৰিনগৰ দিপুচৰা গাঁৱত। গৰুকেইটা গছৰ তলত আশ্ৰয় লৈ থকাৰ সময়তে হঠাতে বজ্ৰপাতত পৰাত শোকাৱহ মৃত্যু হয় গৰু কেইটাৰ।
জানিব পৰা মতে, গৰু কেইটা দিপুচৰা গাৱৰ ছয়টা অতি দুখীয়া পৰিয়ালৰ। গৰু কেইটাৰ গৰাকী ক্ৰমে নিৰ্মলা বৰ্মন, প্ৰিয়ংকা বৰ্মন, বিপুলী বৰ্মন, প্ৰতিমা বৰ্মন, ৰেবিতা বৰ্মন আৰু আছালু বৰ্মনৰ বুলি জানিব পৰা গৈছে। গৰুকেইটা তেওঁ লোকৰ জীৱিকাৰ প্ৰধান উৎস আছিল। ইফালে, খবৰ পাই
ঘটনাস্থলীত উপস্থিত হয় স্থানীয় জিলা পৰিষদৰ সদস্য বিজয়েতা মাহাতো। তেওঁ পশু চিকিৎসকৰ সৈতে ঘটনাস্থলী পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত পৰিয়াল সমূহৰ বাবে চৰকাৰী সাহায্য লাভৰ প্ৰচেষ্টাৰ আশ্বাস দিয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা