বাক্সাৰ পূৱ খাগ্ৰাবাৰী নতুন আলিগুৰীত বোৱাৰী নিৰুদ্দেশ
বাক্সা, ১৭ এপ্ৰিল (হি.স.)। বাক্সাৰ পূৱ খাগ্ৰাবাৰী নতুন আলিগুৰীত বোৱাৰী নিৰুদ্দেশৰ ঘটনা। নিৰুদ্দেশ হোৱা বোৱাৰী গৰাকীক জুনুমনি দাস বুলি চিনাক্ত কৰা হৈছে। ১ ব''হাগত বিহুৰ বজাৰ কৰিবলৈ গৈ নিৰুদ্দেশ হয় বোৱাৰী গৰাকী। বোৱাৰী গৰাকীৰ এটি ছোৱালী সন্তান আৰু
বাক্সাৰ পূৱ খাগ্ৰাবাৰী নতুন আলিগুৰীত বোৱাৰী নিৰুদ্দেশ


বাক্সা, ১৭ এপ্ৰিল (হি.স.)। বাক্সাৰ পূৱ খাগ্ৰাবাৰী নতুন আলিগুৰীত বোৱাৰী নিৰুদ্দেশৰ ঘটনা। নিৰুদ্দেশ হোৱা বোৱাৰী গৰাকীক জুনুমনি দাস বুলি চিনাক্ত কৰা হৈছে। ১ ব'হাগত বিহুৰ বজাৰ কৰিবলৈ গৈ নিৰুদ্দেশ হয় বোৱাৰী গৰাকী। বোৱাৰী গৰাকীৰ এটি ছোৱালী সন্তান আৰু এটি ল'ৰা সন্তান আছে। কোনো ধৰণৰ সংঘাত নোহোৱাকৈ ওলাই যোৱা বুলি মন্তব্য স্বামীৰ।

স্বামী বুবুল দাসে পত্নী জুনুমনিক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনায়। ইতিমধ্যে স্বামী বুবুল দাসে জালাহ আৰক্ষী চকীত নিৰুদ্দেশ সংক্ৰান্তিয় আবেদনো দাখিল কৰিছে।

কোনো সদাশয় ব্যক্তিয়ে যদি বোৱাৰী গৰাকীৰ সন্ধান পায় তেন্তে স্বামীৰ ৮৭৬১০০৯৯৮১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande