তেজপুৰ পূৱ কেতেকীবাৰীত চাঞ্চল্যকৰ চুৰি কাণ্ড
শোণিতপুৰ, ১৭ এপ্ৰিল (হি.স.)। তেজপুৰত অব্যাহত আছে চোৰ ডকাইতৰ সন্ত্ৰাস। টাৰ্গেট সোণৰ আ-অলংকাৰ আৰু নগদ ধন। তেজপুৰ পূৱ কেতেকীবাৰীত চাঞ্চল্যকৰ চুৰি কাণ্ড। স্প্ৰে মাৰি গৃহস্থক অচেতন কৰি চোৰ ডকাইতৰ দলে লুটি নিলে নগদ ধন আৰু কেইবালাখ টকাৰ সোণৰ আ-অলংকাৰ। শ
তেজপুৰ পূৱ কেতেকীবাৰীত চাঞ্চল্যকৰ চুৰি কাণ্ড


শোণিতপুৰ, ১৭ এপ্ৰিল (হি.স.)। তেজপুৰত অব্যাহত আছে চোৰ ডকাইতৰ সন্ত্ৰাস। টাৰ্গেট সোণৰ আ-অলংকাৰ আৰু নগদ ধন।

তেজপুৰ পূৱ কেতেকীবাৰীত চাঞ্চল্যকৰ চুৰি কাণ্ড। স্প্ৰে মাৰি গৃহস্থক অচেতন কৰি চোৰ ডকাইতৰ দলে লুটি নিলে নগদ ধন আৰু কেইবালাখ টকাৰ সোণৰ আ-অলংকাৰ। শোৱনি কোঠা লণ্ডভণ্ড কৰি কোঠালিৰ পৰা লুটিলে সা-সম্পত্তি।

চোৰ ডকাইতৰ দলে প্ৰদীপ মহন্তৰ প্ৰথমা মহালালৈ এনেদৰে বগাই চলালে লুটপাত। প্ৰদীপ মহন্ত, তেওঁৰ পত্নী আৰু দুটিকৈ ছোৱালী সন্তান একেলগে শুই থকা অৱস্থাত, সেই শুই থকা কোঠালিতে এনেদৰে আলমাৰী সমূহ খুলি লণ্ডভণ্ড কৰি নগদ ধন আৰু আ-অলংকাৰ লুটি নিয়ে চোৰ ডকাইতৰ দলটোৱে। ইয়াৰ উপৰিও প্ৰত্যেকটো কোঠালিত চোৰৰ দলটোৱে এনেদৰে চলালে অভিযান।

প্ৰদীপ মহন্তৰ পৰিয়ালে স্প্ৰে মাৰি অচেতন কৰি লুটপাত কৰাৰ সন্দেহ প্ৰকাশ কৰাৰ উপৰিও চোৰ ডকাইতৰ দলটোৱে তেওঁলোকৰ গতিবিধিও নিৰীক্ষণ কৰি আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে। এই চাঞ্চল্যকৰ চুৰি ঘটনাৰ পিছতে স্থানীয় কছাৰী গাঁও আৰক্ষীয়ে বিষয়টো চেলেঞ্জ হিচাপে লৈ জোৰদাৰ তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande