কৰ্ণাটকত পথ দুৰ্ঘটনাঃ গাড়ীৰে গৈ থকা পৰিয়ালৰ ৬ জন লোকৰ মৃত্যু, দুটি শিশুৰ অৱস্থা সংকটজনক
যাদগিৰি (কৰ্ণাটক), ১৭ এপ্ৰিল (হি.স.)। কৰ্ণাটকৰ যাদগিৰি জিলাৰ সুৰপুৰ তালুকৰ দেৱপুৰ সমীপত এখন গাড়ী আৰু ব্যক্তিগত বাছৰ সংঘৰ্ষত থিতাতে মৃত্যু হয় এটা পৰিয়ালৰ ৬ জন সদস্য। গাড়ীখন যাদগিৰিৰ পৰা ৰাইচুৰলৈ আৰু আনখন বেংগালুৰুৰ পৰা কালাবুৰাগীলৈ গৈ আছিল। সংঘৰ
Accident


যাদগিৰি (কৰ্ণাটক), ১৭ এপ্ৰিল (হি.স.)। কৰ্ণাটকৰ যাদগিৰি জিলাৰ সুৰপুৰ তালুকৰ দেৱপুৰ সমীপত এখন গাড়ী আৰু ব্যক্তিগত বাছৰ সংঘৰ্ষত থিতাতে মৃত্যু হয় এটা পৰিয়ালৰ ৬ জন সদস্য। গাড়ীখন যাদগিৰিৰ পৰা ৰাইচুৰলৈ আৰু আনখন বেংগালুৰুৰ পৰা কালাবুৰাগীলৈ গৈ আছিল। সংঘৰ্ষৰ পিছতে গাড়ী আৰু বাছ দুয়োখনতে জুই লাগে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনে।

ৰাইচুৰ জিলাৰ ছিৰৱাৰ চহৰৰ কাউন্সিলাৰ কৃষ্ণ নায়ক (৫০), পত্নী অনন্ত কলা (৪৫), শৰণাপ্পা (৩৬), পত্নী নিছৰ্গ (৩০), তেওঁলোকৰ পুত্ৰ সিদ্ধাৰ্থ (৩) আৰু শশীকলা (৩০) আটাইকেইজন গাড়ীত থকা বুলি জানিব পৰা গৈছে। অমাৱস্যা দিৱস উপলক্ষে ভেনুগোপালা মন্দিৰ ভ্ৰমণৰ পৰা উভতি অহাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অলৌকিকভাৱে ৰক্ষা পৰে গাড়ীখনত থকা অথৱিক (৫) আৰু এবছৰীয়া শ্ৰীনিধি। দুয়োৰে অৱস্থা সংকটজনক আৰু যাদগিৰিৰ ৱাইআইএমএছ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

যাদগিৰিৰ আৰক্ষী অধীক্ষক পৃথ্বী শংকৰে জানিবলৈ দিয়া মতে গাড়ীখনত একেটা পৰিয়ালৰ ৮ জন সদস্য যাত্ৰা কৰি আছিল, ইয়াৰে ৬ জনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে দুই শিশু আহত হয়। গাড়ীখনে এখন বাছক অভাৰটেক কৰিবলৈ চেষ্টা কৰাত সংঘটিত হয় এই দুৰ্ঘটনা। সংঘৰ্ষৰ পিছত বাছখনে গাড়ীখন প্ৰায় ৫০ মিটাৰ টানি লৈ যায়। সুৰপুৰ আৰক্ষী থানাত ৰুজু হৈছে এক গোচৰ।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande