জুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড
নগাঁও, ১৭ এপ্ৰিল (হি.স.)। জুৰীয়াত ভয়ংকৰ অগ্নি কাণ্ড। জুৰীয়াৰ সাৰ দোকানী ৰফিকুল ইছলামৰ বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড। ভয়ংকৰ অগ্নিকাণ্ডত গুদাম, ফেক্টৰীত থকা কৃষিত ব্যৱহৃত সা সামগ্ৰী জুইত ভস্মীভূত। অগ্নিকাণ্ডৰ ফলত পাঁচটা বাসগৃহ, এটা ফাৰ্টিলাইজাৰৰ গ
জুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড


নগাঁও, ১৭ এপ্ৰিল (হি.স.)। জুৰীয়াত ভয়ংকৰ অগ্নি কাণ্ড। জুৰীয়াৰ সাৰ দোকানী ৰফিকুল ইছলামৰ বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড।

ভয়ংকৰ অগ্নিকাণ্ডত গুদাম, ফেক্টৰীত থকা কৃষিত ব্যৱহৃত সা সামগ্ৰী জুইত ভস্মীভূত। অগ্নিকাণ্ডৰ ফলত পাঁচটা বাসগৃহ, এটা ফাৰ্টিলাইজাৰৰ গুদাম, এটা ফেক্টৰী সম্পূৰ্ণ জুইত ভস্মীভূত।

প্ৰায় কোটি টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত হোৱাৰ সন্দেহ। জুৰীয়া আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু ৰাইজৰ সহযোগত জুই নিৰ্বাপিত।

বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande