
কোকৰাঝাৰ, ১৭ এপ্ৰিল (হি.স.)। অসম চৰকাৰে চিৰাং আৰু কোকৰাঝাৰ জিলাত অৱনমিত আইন-শৃংখলা পৰিস্থিতিক লক্ষ্য কৰি মোবাইল ইণ্টাৰনেট সেৱা তাৎক্ষণিকভাৱে স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১৬ এপ্ৰিলৰ নিশা চিৰাং জিলাৰ ৰুণীখাটা অঞ্চলত সংঘটিত হিংসাত্মক ঘটনাৰ পিছতেই এই সিদ্ধান্ত লোৱা হৈছে।
চৰকাৰী এক জাননী অনুসৰি, বন বিভাগে চলোৱা এক উচ্ছেদ অভিযানত ২৫ জন আদিবাসী ব্যক্তিক আটক কৰাৰ পিছতে স্থানীয় লোকসকলৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰী আৰু বন কৰ্মচাৰীসকলৰ মাজত হোৱা সংঘৰ্ষে ভয়ংকৰ ৰূপ লয়, য’ত চৰকাৰী বাহনসমূহ জ্বলাই দিয়া হয় আৰু ৰেঞ্জ অফিচাৰৰ কাৰ্যালয় জ্বলাই দিয়াৰ চেষ্টা কৰা হয়। কিছুমান স্থানত গুলীচালনাৰ ঘটনাও পোহৰলৈ আহিছে।
চৰকাৰে আশংকা প্ৰকাশ কৰিছে যে এই ঘটনাই জনশান্তি ভংগ কৰিব পাৰে আৰু উৰা বাতৰিৰ প্ৰচাৰে পৰিস্থিতি অধিক জটিল কৰি তুলিব পাৰে। বিশেষকৈ হোৱাটছএপ, ফেচবুক, এক্স (পূৰ্বতে টুইটাৰ), ইউটিউব আৰু ইনষ্টাগ্ৰাম আদি সামাজিক মাধ্যম ব্যৱহাৰ কৰি উত্তেজনামূলক বাৰ্তা প্ৰচাৰৰ সম্ভাৱনাৰ বাবেই এই কঠোৰ সিদ্ধান্ত লোৱা হৈছে।
জাননীত স্পষ্টকৈ কোৱা হৈছে যে ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা পৰৱৰ্তী নিৰ্দেশ নপোৱা পৰ্যন্ত বন্ধ থাকিব, যদিও ভইচ কল আৰু স্থিৰ টেলিফোন লাইনৰ ব্রডবেণ্ড সেৱা সাধাৰণভাৱে চলি থাকিব। চৰকাৰে লগতে সকীয়াই দিছে যে এই আদেশ উলংঘা কৰা ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ধাৰা ২২৩ আৰু ভাৰতীয় টেলিগ্ৰাফ আইন, ১৮৮৫ অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
প্ৰশাসনে সাধাৰণ লোকক শান্তি বজাই ৰাখিবলৈ আৰু উৰা বাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান জনোৱাৰ লগতে পৰিস্থিতিৰ ওপৰত কঢ়া নজৰ ৰাখিছে, যাতে শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰাই আনিব পৰা যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ