হোজাই জিলাৰ ডবকাৰ ইতিহাস প্ৰসিদ্ধ মিকিৰআটিৰ প্ৰত্নতাত্ত্বিক স্থান পৰিদৰ্শন বিধায়ক অখিল গগৈৰ
হোজাই, ১৭ এপ্ৰিল (হি.স.)। ৰাজধানীৰ অৱস্থা দেখি হতবাক শিৱসাগৰৰ বিধায়ক অখিল গগৈ। হোজাই জিলাৰ ডবকাৰ ইতিহাস প্ৰসিদ্ধ মিকিৰআটি প্ৰত্নতাত্ত্বিক স্থান পৰিদৰ্শন বিধায়ক অখিল গগৈৰ। সপ্তমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ঐতিহাসিক ডবাক ৰজাৰ ৰাজধানী হিচাপে চিহ্নিত ঐ
হোজাই জিলাৰ ডবকাৰ ইতিহাস প্ৰসিদ্ধ মিকিৰআটিৰ প্ৰত্নতাত্ত্বিক স্থান পৰিদৰ্শন বিধায়ক অখিল গগৈৰ


হোজাই, ১৭ এপ্ৰিল (হি.স.)। ৰাজধানীৰ অৱস্থা দেখি হতবাক শিৱসাগৰৰ বিধায়ক অখিল গগৈ। হোজাই জিলাৰ ডবকাৰ ইতিহাস প্ৰসিদ্ধ মিকিৰআটি প্ৰত্নতাত্ত্বিক স্থান পৰিদৰ্শন বিধায়ক অখিল গগৈৰ। সপ্তমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ঐতিহাসিক ডবাক ৰজাৰ ৰাজধানী হিচাপে চিহ্নিত ঐতিহাসিক স্থান হিচাপে পৰিচিত স্থান পৰিদৰ্শন কৰি হতবাক অখিল গগৈ।

ৰজাদিনীয়া পুৰণী কৃতিচিহ্ন, দেৱ দেৱীৰ মূৰ্তিৰ ভগ্নাৱশেষ চাই ইয়াৰ জৰাজীৰ্ণ ৰূপ দেখি হতবাক অখিল গগৈ । কিয়নো বিজ্ঞানসন্মত ভাবে খনন নকৰাকৈ সমগ্ৰ ঐতিহাসিক ঠাইখন অৱহেলাৰে পেলাই থৈছে বিভাগীয় কৰ্তৃপক্ষই । ইমান চহকী প্ৰাক-আহোম যুগৰ এই ঐতিহাসিক সম্পদ সমূহ আজি এনেদৰে মুকলি আকাশৰ তলত অৱহেলিত হৈ থকা দেখি ক্ষোভিত অখিল গগৈ।

এয়া অতীত আৰু ঐতিহ্যৰ প্ৰতি চৰম অৱহেলা আৰু দুখৰ বিষয় বুলি মন্তব্য কৰে অখিল গগৈয়ে। চৰকাৰ তথা সংশ্লিষ্ট পুৰাতত্ত্ব বিভাগক অতি শীঘ্ৰে এই ঐতিহ্যমণ্ডিত মিকিৰআটি ক্ষেত্ৰ খনক সুৰক্ষিতভাৱে সংৰক্ষণ কৰিবলৈ আৰু ইয়াৰ সৌন্দৰ্যবৰ্ধন কৰি এটা পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ সজোৰে দাবী উত্থাপন কৰে বিধায়ক গৰাকীয়ে

উল্লেখ্য যে এই ইতিহাস প্ৰসিদ্ধ স্থানত প্ৰাচীন মন্দিৰৰ ধ্বংসাৱশেষ থকা ৯ টা টিলা আছে। ইয়াৰে এটা টিলা খনন কৰাত প্ৰণালীৰ সৈতে মন্দিৰৰ ইটাৰ গাঁঠনি উদ্ধাৰ হৈছিল। এটা স্থানত এটা শিলৰ মন্দিৰৰ পাদ বিন্যাসত যোনিপীঠৰ সৈতে এটা শিৱলিংগ প্ৰতিষ্ঠিত হৈ আছে। স্থাপত্য আৰু ভাস্কৰ্য শৈলীৰ বিচাৰেৰে এই মন্দিৰসমূহ সপ্তমৰ পৰা দ্বাদশ শতিকাৰ বুলি অনুমান কৰা হয়।

উক্ত অঞ্চলটোৰ ওচৰে পাজৰে অনেক প্ৰত্নতাত্ত্বিক স্থান আছে। উক্ত অঞ্চলটো ডবাক নামৰ কছাৰী ৰাজ্যৰ ৰাজবাৰী বুলি অনুমান কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande