
কামৰূপ, ১৭ এপ্ৰিল (হি.স.)। সৰ্বভাৰতীয় পৰ্যায়ত ষষ্ঠ স্থান গৰৈমাৰীৰ ছফিউৰ ৰহমানৰ৷ চিবিএছচি পৰীক্ষাত ৯৯ শতাংশ নম্বৰেৰে উজলিল গৰৈমাৰীৰ ছফিউৰ ৰহমানৰ। অদম্য মেধা আৰু কঠোৰ পৰিশ্ৰমৰ বলত ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল দক্ষিণ কামৰূপৰ এজন মেধাৱী ছাত্ৰ। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ড (CBSE)এ ঘোষণা কৰা দশম শ্ৰেণীৰ ফলাফলত এইবাৰ সমগ্ৰ দেশৰ ভিতৰতে চমক সৃষ্টি কৰিছে গৰৈমাৰীৰ হাতীশলাপামৰ ছফিউৰ ৰহমানে।
ৰঙিয়াৰ পিএমশ্ৰী জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰ ছফিউৰ ৰহমানে মুঠ ৯৯ শতাংশ নম্বৰ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে। আনকি ছফিউৰ ৰহমান নিজৰ বিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। অতি ভিতৰুৱা হাতীশলাপাম গাঁৱৰ দৰিদ্ৰ ছাইদুৰ ৰহমান আৰু ছুফিয়া আহমেদৰ পুত্ৰ ছফিউৰৰ উক্ত সাফল্যত সমগ্ৰ সংখ্যালঘু অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
ছফিউৰে অসমীয়াত ১০০ৰ ভিতৰত ১০০, সমাজ বিজ্ঞানত ১০০ৰ ভিতৰত ১০০, তথ্য প্ৰযুক্তিত ৯৯, ইংৰাজীত ৯৮, গণিতত ৯৮,হিন্দীত ৯৭, বিজ্ঞানত ৯৬ নম্বৰসহ ৯৯ শতাংশ লাভ কৰিছে৷
ইপিনে, ছফিউৰৰ এই অসাধাৰণ কৃতিত্বত গৰৈমাৰী-কালাতলী-সোণতলী (জি কে এছ) প্ৰেছ ক্লাবৰ তৰফৰ পৰা মেধাৱী ছাত্ৰগৰাকীক আন্তৰিক অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা