মালিগাঁৱত ড্ৰাগছ সহ সৰবৰাহকাৰী দম্পত্তি আটক
গুৱাহাটী, ১৭ এপ্ৰিল(হি.স.)। মহানগৰীৰ মালিগাঁৱত আৰক্ষী অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰী দম্পত্তি আটক। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন খবৰৰ ভিত্তিত আৰক্ষী আৰু বিশেষ অভিযানকাৰী দলে অভিযান চলাই মালিগাঁওৰ দেৱকটা নগৰত এহাল দম্পতীয়ে ড্ৰাগছ আনি থকা অৱস্থাত আটক কৰ
মালিগাঁৱত ড্ৰাগছ সহ সৰবৰাহকাৰী দম্পত্তি আটক


গুৱাহাটী, ১৭ এপ্ৰিল(হি.স.)। মহানগৰীৰ মালিগাঁৱত আৰক্ষী অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰী দম্পত্তি আটক। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন খবৰৰ ভিত্তিত আৰক্ষী আৰু বিশেষ অভিযানকাৰী দলে অভিযান চলাই মালিগাঁওৰ দেৱকটা নগৰত এহাল দম্পতীয়ে ড্ৰাগছ আনি থকা অৱস্থাত আটক কৰে।

এখন স্কুটিৰ ভিতৰত ড্ৰাগছ খিনি গোপনে বিক্ৰী কৰিবলৈ আনিছিল দম্পতী হালে। এএছ ০১ জি কি উ ২৬২৩ নম্বৰৰ দুচকীয়া বাহনত ২৩ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। দম্পত্তি হালক সুশীল দাস আৰু পত্নী স্বপ্না দাস বুলি জানিব পৰা গৈছে।

বৰ্তমান গৌশালা আৰক্ষীয়ে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে দম্পতী হালক।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande