
ধুবুৰী, ১৭ এপ্ৰিল (হি.স.)। আজি আন্তর্জাতিক বাদুলিৰ প্রশংসা দিৱস। প্রতি বছৰ ১৭ এপ্ৰিলত উদযাপন কৰা হয় ইন্টাৰনেচনেল বেট এপ্ৰেচিয়েছন ডে।
ধুবুৰী বি এন কলেজ ( স্বায়ত্ব শাসিত) ৰ প্ৰাণীবিদ্যা বিভাগৰ সহকাৰী অধ্যাপক ড°আজাদ আলীয়ে কয় যে বাদুলি হৈছে প্ৰকৃতিৰ ৰক্ষক।
বাদুলিক প্ৰায়ে ভুল বুজা হয়, কিন্তু এই দিৱসে প্ৰকৃতিৰ পৰিস্থিতি তন্ত্ৰত (ইকোচিষ্টেম) সিহঁতৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে ।
বাদুলিয়ে ক্ষতিকাৰক পতঙ্গ খাই খেতি পথাৰ আৰু মানুহৰ স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰে । বহুতো গছ-গছনি আৰু ফুলৰ পৰাগযোগত বাদুলি য়ে সহায় কৰে, যিটো পৰিৱেশৰ বাবে অত্যন্ত প্ৰয়োজনীয় বুলি তেওঁ কয়।
আন্তর্জাতিক বাদুলিৰ প্রশংসা দিৱসৰ আজিৰ দিনটোৰ মূল উদ্দেশ্য হ'ল বাদুলিৰ প্ৰতি থকা ভয় বা ভুল ধাৰণা আঁতৰাই সিহঁতৰ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰাটোহে। লগতে এই দিনটো বাদুলিৰ উপকাৰিতা বুজি সিহঁতক মৰম আৰু সুৰক্ষা প্ৰদান কৰাৰ বাবে উছৰ্গা কৰা হৈছে।
আনহাতে ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা বিভিন্ন গছ-গছনিত বাদুলিয়ে আশ্ৰয় লৈ থকা দেখা গৈছে। ধুবুৰী জিলাত প্ৰায় ১৫০০ বাদুলি বিভিন্ন স্থানত আশ্ৰয় লোৱা বুলি জনা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা