দিল্লীৰ মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে ২০০খন নতুন ইলেক্ট্ৰিক বাছ
নতুন দিল্লী, ১৭ এপ্ৰিল (হি.স.)। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই শুকুৰবাৰে ইষ্ট বিনোদ নগৰ ডিপোত অনুষ্ঠিত এক অনুষ্ঠানত ২০০খন নতুন বৈদ্যুতিক বাছ আৰু দিল্লী-ৰোহটক আন্তঃৰাজ্যিক বাছ সেৱাৰ ফ্লেগ অফ কৰে। লগতে মদনপুৰ খাদৰত নতুন বাছ টাৰ্মিনেল উদ্বোধন কৰে।
ईस्ट विनोद नगर डिपो में आयोजित कार्यक्रम में  200 नई ईवी बसों और दिल्ली-रोहतक बस सेवा को हरी झंडी दिखाती दिल्ली की मुख्यमंत्री रेखा गुप्ता


নতুন দিল্লী, ১৭ এপ্ৰিল (হি.স.)। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই শুকুৰবাৰে ইষ্ট বিনোদ নগৰ ডিপোত অনুষ্ঠিত এক অনুষ্ঠানত ২০০খন নতুন বৈদ্যুতিক বাছ আৰু দিল্লী-ৰোহটক আন্তঃৰাজ্যিক বাছ সেৱাৰ ফ্লেগ অফ কৰে। লগতে মদনপুৰ খাদৰত নতুন বাছ টাৰ্মিনেল উদ্বোধন কৰে। মুখ্যমন্ত্রীয়ে ডিটিচি ইষ্ট বিনোদ নগৰ ডিপোত নতুন প্রশাসনিক ভৱনটোও উদ্বোধন কৰে ৷ এই উপলক্ষে দিল্লীৰ পৰিবহণ মন্ত্ৰী ড০ পংকজ কুমাৰ সিং উপস্থিত থাকে।

মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে ৰাজধানীখনক সেউজীয়া, স্মাৰ্ট, আৰু পৰিষ্কাৰ কৰি তোলাৰ দিশত অহৰহ পদক্ষেপ গ্ৰহণ কৰি আছে। আজি ২০০খন নতুন ইলেক্ট্ৰিক বাছৰ সংযোজনৰ লগে লগে ডিটিচিৰ বহৰ প্ৰায় ৬,৩০০ বাছলৈ বৃদ্ধি পাইছে। দিল্লীত প্ৰদূষণমুক্ত ৰাজহুৱা পৰিবহণৰ দিশত আন এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি আজি ইষ্ট বিনোদ নগৰ ডিপোৰ পৰা দিল্লীৰ সেৱাৰ বাবে ২০০খন নতুন ইভি বাছ উচৰ্গা কৰা হয়।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে দিল্লীৰ ৰাজহুৱা পৰিবহণ সম্পূৰ্ণৰূপে ইভিলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে মিছন মোডৰ কাম কৰি আছে। দিল্লীত ইভি বাছৰ সংখ্যাই ৪৫০০ অতিক্ৰম কৰিছে, আৰু ২০২৬ চনৰ শেষৰ ফালে এই সংখ্যা ৭ হাজাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে।

মন কৰিবলগীয়া যে দিল্লী-ৰোহটক পথটো আই এছ বি টি কাশ্মীৰী গেট আৰু পীৰাগড়ী চ’কৰ মাজেৰে পাৰ হ’ব, য’ত টিকৰী সীমান্ত, বাহাদুৰগড়, ৰোহাদ, চাম্পলা, আৰু ৰোহটক বাছ ষ্টেণ্ড আদি ডাঙৰ ষ্টপেজ থাকিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande