
মুম্বাই, ১৬ এপ্ৰিল (হি.স.)। মহাৰাষ্ট্ৰৰ নন্দদ চহৰৰ ডেগলুৰ নাকা অঞ্চলত বৃহস্পতিবাৰে এটা গাঁতত পৰি চাৰিটা শিশু ডুব যায় । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ইটোৱাৰা থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ চাৰিটা শিশুৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই কাণ্ডই ডেগলুৰ অঞ্চলত এক শোকাকূল পৰিস্থিতিৰ সৃষ্টি কৰিছে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপ-আৰক্ষী অধীক্ষক প্ৰশান্ত শিণ্ডে উপস্থিত হৈ পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিয়ে। তেওঁ সাংবাদিকৰ আগত কয় যে কেইমাহমানৰ আগতে স্থানীয় পৌৰ নিগমৰ এটা দলে ইয়াত এটা নলাৰ কাম কৰি আছিল। ইয়াৰ বাবে এটা দ গাঁত খান্দিছিল আৰু তাত পানী জমা হৈছিল।
আজি চাৰিটা ল’ৰা-ছোৱালী একেটা গাঁততে গা ধুবলৈ গ’ল, কিন্তু গভীৰতাৰ জ্ঞান হেৰুৱাই ডুব গ’ল। চাৰিওজন হৈছে মহম্মদ আদনান মহম্মদ ফিৰোজ (১০), মহম্মদ আলী মহম্মদ ইদ্ৰিছ (১৩), চৈয়দ ইৰফান চৈয়দ ফিৰোজ (১৩) আৰু অয়ান ইব্ৰাহিম বাগৱান (১১)। তেওঁলোক সকলোৱে ডেগলুৰৰ ইছলামপুৰা অঞ্চলত বাস কৰিছিল। তদন্তৰ অন্তত পৌৰ নিগমক গাফিলতিৰ গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া