
মাজুলী, ১৬ এপ্ৰিল (হি.স.)। ৰঙালীৰ আনন্দৰ মাজতে ব্ৰহ্মপুত্ৰৰ চাপৰিত মহিলাৰ মৃতদেহ উদ্ধাৰ। মাজুলীৰ ডাবলি চাপৰিৰ স্থানীয় ব্যক্তিয়ে ব্ৰহ্মপুত্ৰ নৈৰ এটা সুতিত এটা মৃতদেহ প্রত্যক্ষ কৰে । খবৰ লাভ কৰি তাৎক্ষণিক ভাৱে নয়াবজাৰ তহলদাৰী আৰক্ষী চকীৰ আৰক্ষীৰ দল আৰু এছডিআৰএফ ৰ দল ঘটনাস্থলীত গৈ নীলা ৰঙৰ চুৰিদাৰ চুট পিন্ধি থকা মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো গৰমুৰ জিলা চিকিৎসালয়ৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে।প্ৰাথমিকভাবে অনুমান কৰা হৈছে যে মৃতদেহটো নৈৰ সোঁতৰ আহি চাপৰি অঞ্চলত আহি লাগিছিল। মৃত মহিলাগৰাকীৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। যদি কোনো ব্যক্তিয়ে এই সন্দৰ্ভত কিবা তথ্য পায়, তেন্তে তৎক্ষণাৎ নয়াবজাৰ তহলদাৰী আৰক্ষী চকী বা মাজুলী আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ