চিবিএছচিৰ দশম শ্ৰেণীৰ ফলাফলত ৯৬.২০ শতাংশ নম্বৰ লাভেৰে উজ্বলিল খেৰণি কছাৰী গাঁৱৰ চহা কৃষকৰ সন্তান
পশ্চিম কাৰ্বি আংলং, ১৬ এপ্ৰিল (হি.স.)। দৰিদ্ৰতাই যে সফলতাৰ হেঙাৰ হ’ব নোৱাৰে সেই কথা প্ৰমাণ কৰি দেখুৱালে এইবাৰ পশ্চিম কাৰ্বি আংলঙৰ এগৰাকী দৰিদ্ৰ কৃষকৰ সু সন্তানে। সদ্যঘোষিত চিবিএছচ ৰ দশম শ্ৰেণীৰ ফলাফলত ৯৬.২০ শতাংশ নম্বৰ লাভেৰে উজ্বলিল আৰু গৌৰৱ কঢ়িয়া
চিবিএছচিৰ দশম শ্ৰেণীৰ ফলাফলত ৯৬.২০ শতাংশ নম্বৰ লাভেৰে উজ্বলিল খেৰণি কছাৰী গাঁৱৰ চহা কৃষকৰ সন্তান


পশ্চিম কাৰ্বি আংলং, ১৬ এপ্ৰিল (হি.স.)। দৰিদ্ৰতাই যে সফলতাৰ হেঙাৰ হ’ব নোৱাৰে সেই কথা প্ৰমাণ কৰি দেখুৱালে এইবাৰ পশ্চিম কাৰ্বি আংলঙৰ এগৰাকী দৰিদ্ৰ কৃষকৰ সু সন্তানে। সদ্যঘোষিত চিবিএছচ ৰ দশম শ্ৰেণীৰ ফলাফলত ৯৬.২০ শতাংশ নম্বৰ লাভেৰে উজ্বলিল আৰু গৌৰৱ কঢ়িয়াই আনিলে খেৰণি কছাৰী গাঁৱৰ চহা কৃষকৰ সন্তান ৰাজনাথ সিঙে।

পুত্ৰৰ ফলাফলক লৈ উৎফুল্লিত পিতৃ ৰাজকুমাৰ সিং আৰু মাতৃ ৰাজকুমাৰী দেৱীৰ লগতে অঞ্চলবাসী। উল্লেখযোগ্য যে বৈঠালাংছ' নিবোদয় বিদ্যালয়ৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ ভিতৰতে ৯৬.২০ শতাংশৰে শীৰ্ষ স্থান পাবলৈ সক্ষম হয় ৰাজনাথ সিং। আৰ্থিক দুৰ্বলতাৰ বাবে তথা আৰ্থিকভাৱে সকাহ পাবলৈ ৰাজনাথ সিঙে অধ্যয়ন কৰিছিল চৰকাৰী সা সুবিধা থকা বৈঠালাংছ' নিবোদয় বিদ্যালয়ত। এক কথাত কবলৈ গলে অতি সাধাৰণ ঘৰৰ ছাত্ৰজনে ৫-৬ ঘণ্টা অধ্যয়ন কৰিয়েই জিলাখনৰ ভিতৰতে শীৰ্ষ স্থান পাবলৈ সক্ষম হৈছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande