
কলকাতা, ১৬ এপ্ৰিল (হি.স.)। পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ বাছিৰহাট মহকুমাৰ হিংগলগঞ্জ আৰক্ষী থানা এলেকাৰ বড়া বাংকৰা অঞ্চলত অৱস্থিত সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰত বৃহস্পতিবাৰে পুৱা এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। এই শিবিৰটো বি এছ এফৰ ৭৭ নং বেটেলিয়নৰ, আৰু এই অগ্নিকাণ্ডৰ ফলত সমগ্ৰ শিবিৰটোত আতংকৰ সৃষ্টি হয়।
নদী টহলৰ বাবে ব্যৱহাৰ কৰা নাওৰ ইন্ধন মজুত থকা কোঠা এটাত সংঘটিত হয় এই অগ্নিকাণ্ড। প্ৰাথমিক তথ্য অনুসৰি শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত কোঠাটোৰ ভিতৰত আছিল জোৱান ৰাম সিং আৰু ওলাই আহিব নোৱাৰাৰ ফলত তেওঁৰ মৃত্যু হয়।
জুই লগাৰ কিছু মুহূৰ্তৰ ভিতৰতে ক’লা ধোঁৱাই সমগ্ৰ অঞ্চলটো আগুৰি ধৰিলে। ধোঁৱাই ওচৰৰ মানুহবোৰৰ মাজত আতংক বিয়পি পৰে আৰু তেওঁলোকে বাল্টিৰে পানী ঢালি জুই নুমুৱাবলৈ চেষ্টা কৰিলে, কিন্তু তেতিয়ালৈকে জুই যথেষ্ট বিয়পি পৰিছিল।
তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত এখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা আৰম্ভ কৰে। পিছত লভূবহাল অঞ্চলৰ পৰা অতিৰিক্ত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী মাতি অনা হয়। ঘটনাস্থলীত আৰক্ষীও উপস্থিত হৈ সাহায্য অভিযান আৰম্ভ কৰে।
জুই নিয়ন্ত্ৰণ কৰাৰ পিছত ভিতৰত তালাচী চলাই জোৱান ৰাম সিঙৰ মৃতদেহ উদ্ধাৰ হয়। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটো শোক আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে বিৰাজ কৰে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া