
কলকাতা, ১৬ এপ্ৰিল (হি.স.)। পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)য়ে যুৱ শক্তিক আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছে ‘যুৱ শক্তি ভৰসা কাৰ্ড’ আঁচনি। বৃহস্পতিবাৰে কলকাতাত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰখ্যাত প্ৰাক্তন টেনিছ খেলুৱৈ লিয়াণ্ডাৰ পেজ আৰু বক্সাৰ বিজেন্দৰ সিঙৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় এই আঁচনিখন। লগতে যুৱক-যুৱতীসকলৰ মাজত কাৰ্ড বিতৰণ কৰা হয়।
ইস্তাহাৰত বিজেপিয়ে নিবনুৱা যুৱক-যুৱতীসকলক চাকৰি নোপোৱালৈকে প্ৰতিমাহে ৩,০০০ টকা আৰ্থিক সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। দলটোৱে ইয়াক যুৱক-যুৱতীসকলক সন্মান, সুযোগ, আৰু আত্মনিৰ্ভৰশীল ভৱিষ্যত প্ৰদানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে।
অনুষ্ঠানত প্ৰাক্তন টেনিছ খেলুৱৈ লিয়াণ্ডাৰ পেজে কয় যে বংগৰ যুৱক-যুৱতীসকল আটাইতকৈ বঞ্চিত। তেওঁলোকক সন্মান দিবলৈ এই আঁচনিখন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে দলটোৱে। বক্সাৰ বিজেন্দৰ সিঙে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে সমগ্ৰ দেশৰ ক্ৰীড়া আৰু যুৱক-যুৱতীসকলৰ ভৱিষ্যতক আগুৱাই নিয়াৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আহিছে। যুৱ শক্তি যোজনা সেই পদক্ষেপৰ অংশ, বংগৰ যুৱক-যুৱতীসকলক আৰ্থিক সহায় আগবঢ়োৱা।
লক্ষণীয় যে এদিন পূৰ্বে বিজেপিয়েও মহিলাৰ বাবে মাত্ৰী শক্তি ভৰসা কাৰ্ড আঁচনি ঘোষণা কৰিছিল।
বিজেপিয়ে কয় যে আগন্তুক পাঁচ বছৰত এক কোটি নতুন চাকৰি আৰু আত্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্য লৈছে। দলটোৱে ইয়াক ৰাজ্যৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা পূৰণৰ বাবে এক ব্যাপক দৃষ্টিভংগীৰ অংশ বুলি অভিহিত কৰিছে।
ইফালে এই ঘোষণাক লৈ ৰাজনৈতিক বিতৰ্কও তীব্ৰতৰ হৈ পৰিছে। নিৰ্বাচনৰ ইমান ওচৰত এনে আঁচনিৰ ঘোষণা আৰু বিতৰণক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ শাসকীয় তৃণমূল কংগ্ৰেছে। এই পদক্ষেপে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা আৰু ভোটাৰক প্ৰভাৱিত কৰাৰ প্ৰয়াস বুলি অভিযোগ উত্থাপন কৰিছে দলটোৱে।
তৃণমূল কংগ্ৰেছে লগতে কয় যে বিজেপিয়ে পূৰ্বে লক্ষ্মী ভাণ্ডাৰ আৰু যুৱ সাথীৰ দৰে ৰাজ্য চৰকাৰৰ আঁচনিক সমালোচনা কৰিছিল যদিও এতিয়া নিৰ্বাচনী পৰিৱেশত একেধৰণৰ আৰ্থিক সাহায্য আঁচনিৰ ওপৰত নিৰ্ভৰ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া