
কোকৰাঝাৰ, ১৬ এপ্ৰিল (হি.স.)। কোকৰাঝাৰ জিলাৰ দোতমা থানাৰ অন্তৰ্গত ডাঙাৰ কুঠি বংশীগাও পথত আজি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দুজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে দুখন মটৰ চাইকেল আৰু এজন ই-ৰিক্সাৰ মাজত হৈছিল দুৰ্ঘটনাটো।
দুৰ্ঘটনাটোত দোতমা ভালুকমাৰী গাঁৱৰ অলংবাৰ বসুমতাৰী (৪৫) আৰু উত্তৰ দোতমাৰ মৃনাল ৰায়ৰ ঘটনাস্থলীত মৃত্যু হয় আৰু বিনাৰাম ব্ৰহ্ম ( ৪০) গুৰুতৰভাৱে আহত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ