
জুনেইদ খান আৰু ছাই পল্লৱীৰ বহু প্ৰত্যাশিত ৰোমান্টিক-নাট্য ছবি এক দিনৰ নতুন ট্ৰেইলাৰ মুকলি কৰা হৈছে। আমিৰ খান প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখন দৰ্শকে দীৰ্ঘদিন ধৰি আগ্ৰহেৰে বাট চাই আছিল। উল্লেখযোগ্য যে এই ছবিখনৰ জৰিয়তে ছাই পল্লৱীয়ে হিন্দী চিনেমাত আত্মপ্ৰকাশ কৰিব।
নতুন ট্ৰেইলাৰটোত কালিৰ নিৰীহ আৰু অসম্পূৰ্ণ প্ৰেমৰ আভাস পোৱা গৈছে। জুনাইদ খানে মীৰা নামৰ এগৰাকী যুৱতীৰ সৈতে গভীৰ প্ৰেমত পৰা এজন সংকোচশীল যুৱকৰ চৰিত্ৰত অভিনয় কৰিছে, কিন্তু নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ সাহস গোটাব নোৱাৰে। প্ৰেম, শান্তি, বিচ্ছেদৰ বেদনাৰ আৱেগিক চিত্ৰণ ট্ৰেইলাৰত দৰ্শকক কাহিনীৰ সৈতে সংযোগ কৰাত সফল হৈছে।
ছবিখনৰ পৰিচালক সুনীল পাণ্ডে। ট্ৰেইলাৰৰ পৰা স্পষ্ট হৈ পৰিছে যে এক দিন কেৱল প্ৰেম কাহিনী নহয়, আৱেগেৰে ভৰা এক যাত্ৰা, সম্পৰ্কৰ ভংগুৰতা আৰু সময়ৰ গতি দুয়োটাকে সুন্দৰকৈ চিত্ৰিত কৰিছে। ছাই পল্লৱী আৰু জুনাইদৰ অন স্ক্ৰীণ কেমিষ্ট্ৰীও ট্ৰেইলাৰত যথেষ্ট আকৰ্ষণীয়।
২০২৬ চনৰ ১ মে’ত ছবিগৃহত মুক্তি পাবলগীয়া ছবিখন মুক্তিৰ পূৰ্বে মুক্তি পোৱা এই নতুন ট্ৰেইলাৰটোৱে দৰ্শকৰ কৌতুহল আৰু অধিক বৃদ্ধি কৰিছে। এই নতুন যোৰাটোৱে ডাঙৰ পৰ্দাত দৰ্শকক কিমান জয় কৰে সেয়া চাবলৈ আগ্ৰহী হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া