বিহালীৰ উত্তৰ জিনজিয়াত সংঘটিত অগ্নিকাণ্ডত তিনিটা বাসগৃহ ভস্মিভূত
বিশ্বনাথ, ১৬ এপ্ৰিল (হি.স.)। বিহালীৰ উত্তৰ জিনজিয়াত কালি নিশা সংঘটিত হই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বিহুৰ আনন্দ উল্লাসৰ মাজতে বিহালীৰ উওৰ জিনজিয়া ২ নং গৰৈমাৰীত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ভুক্তভোগীৰ সংবাদ মাধ্য়মক অবগত কৰা অনুসৰি অগ্নিকাণ
বিহালীৰ উত্তৰ জিনজিয়াত সংঘটিত অগ্নিকাণ্ডত তিনিটা বাসগৃহ ভস্মিভূত


বিশ্বনাথ, ১৬ এপ্ৰিল (হি.স.)। বিহালীৰ উত্তৰ জিনজিয়াত কালি নিশা সংঘটিত হই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বিহুৰ আনন্দ উল্লাসৰ মাজতে বিহালীৰ উওৰ জিনজিয়া ২ নং গৰৈমাৰীত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ভুক্তভোগীৰ সংবাদ মাধ্য়মক অবগত কৰা অনুসৰি অগ্নিকাণ্ডৰ ঘটনাটো গেছ চিলিণ্ডাৰৰ পৰা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ৰূপে জুইত জাহ গল তিনিটাকৈ বাসগৃহ। কেইবাটাও পশু ধনৰ লগতে সোণৰ ৰূপৰ গহনা। ইচোপ আলি নামৰ ব্যক্তি গৰাকীৰ সম্পূৰ্ণ বাসগৃহ জুইত জাহ যায়। অন্যহাতে ছাহাজাহান শ্বেখ , মাইনুল আলি নামৰ ব্যক্তি দুজনৰ প্ৰায় ২ লাখ টকাৰ সামগ্ৰী জুইত জাহ যায় ।ভুক্তভোগীয়ে চৰকাৰক উপযুক্ত ক্ষতিপুৰন দি সহায় সহযোগিতা কৰিবৰ বাবে আবেদন জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande