দেৰগাঁৱৰ নামঘৰত চোৰৰ লুট-পাত
গোলাঘাট, ১৬ এপ্ৰিল (হি.স.)। গোলাঘাট জিলাৰ দেৰগাঁৱত যোৱাকালি বুধবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা। দেৰগাঁও ৰাজহ চক্ৰৰ অৰ্ন্তগত মিছামৰা মৌজাৰ ধৰমপুৰ গাঁৱৰ নামঘৰত চোৰৰ দল সোমাই চলালে লুট-পাত । নামঘৰৰ গুৰু আসনত থকা সোণ-ৰূপৰ অলংকাৰ,
দেৰগাঁৱৰ নামঘৰত চোৰৰ লুট-পাত


গোলাঘাট, ১৬ এপ্ৰিল (হি.স.)। গোলাঘাট জিলাৰ দেৰগাঁৱত যোৱাকালি বুধবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা। দেৰগাঁও ৰাজহ চক্ৰৰ অৰ্ন্তগত মিছামৰা মৌজাৰ ধৰমপুৰ গাঁৱৰ নামঘৰত চোৰৰ দল সোমাই চলালে লুট-পাত ।

নামঘৰৰ গুৰু আসনত থকা সোণ-ৰূপৰ অলংকাৰ, নগদ ধন আৰু দান পাত্ৰ উঠাই লৈ যায় চোৰে । নামঘৰৰৰ নামঘৰীয়া আহি ভিতৰ সোমাওতেই মনিকুটৰ দৰ্জাৰ কিছু অংশ ভাঙি থকা প্ৰত্যক্ষ কৰে । চোৰে পইছা বিচাৰি নামঘৰৰ কীৰ্তন পুথিও লণ্ড-ভণ্ড কৰি থৈ গৈছে। নামঘৰীয়াই সন্ধ্যা বন্তি প্ৰজ্বলন কৰালৈকে আছিল সকলো ঠিকেই । তাৰ পিছতেই সংঘটিত হয় এই ঘটনা । বিহুৰ দিনটোতে ই এই চুৰিকাণ্ড সংঘটিত হোৱাত গাঁওখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দেৰগাঁও আৰক্ষী হৰিমন্দিৰত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande