ত্ৰিপুৰা টিটিএএডিচি নিৰ্বাচন- ভোটগ্ৰহণ কেন্দ্ৰৰ হিংসাত্মক ঘটনাত বিজেপি বিধায়কসহ ৩৫ জনৰ বিৰুদ্ধে এফআইআৰ
সোণামুৰা (ত্ৰিপুৰা), ১৬ এপ্ৰিল (হি.স.)। ত্ৰিপুৰা জনজাতি এলেকা স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনত ভোটদানৰ দিনা ছেপাহিজালা জিলাৰ বক্সনগৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰৰ আশে-পাশে সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত বিজেপি বিধায়ক তফজ্জল হুছেইন আৰু আন
ত্ৰিপুৰা টিটিএএডিচি নিৰ্বাচন- ভোটগ্ৰহণ কেন্দ্ৰৰ হিংসাত্মক ঘটনাত বিজেপি বিধায়কসহ ৩৫ জনৰ বিৰুদ্ধে এফআইআৰ


সোণামুৰা (ত্ৰিপুৰা), ১৬ এপ্ৰিল (হি.স.)। ত্ৰিপুৰা জনজাতি এলেকা স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনত ভোটদানৰ দিনা ছেপাহিজালা জিলাৰ বক্সনগৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰৰ আশে-পাশে সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত বিজেপি বিধায়ক তফজ্জল হুছেইন আৰু আন ৩৫ জনৰ বিৰুদ্ধে কালামচৌৰা থানাত এফআইআৰ দাখিল কৰা হৈছে। বৰ্তমান বিশ্বগঞ্জ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা টিপ্ৰা মোথা দলৰ সদস্য অভিৰাম দেৱৰ্মাই এই এজাহাৰ দাখিল কৰে।

অভিযোগকাৰীৰ দাবী যে ঘটনাৰ দিনটোত বিধায়ক তফজ্জল হুছেইন হঠাতে প্ৰায় ২০০ সমৰ্থক লৈ ভোটকেন্দ্ৰত উপস্থিত হয়। ইয়াৰ ফলত উত্তেজনা বৃদ্ধি পালে আৰু পৰিস্থিতিৰ অৱনতি ঘটিল।

এফ আই আৰত উল্লেখ আছে যে সেই সময়ত ভোটগ্ৰহণ কেন্দ্ৰৰ সমীপত বোমা নিক্ষেপ কৰা হৈছিল। টিপ্ৰা মোথাৰ সদস্যগৰাকীয়ে অভিযোগ কৰে যে এই আক্ৰমণৰ পৰিকল্পনা আৰু উদ্দেশ্য আছিল ভোটদান প্ৰক্ৰিয়াত ব্যাঘাত জন্মোৱা। অভিযোগ অনুসৰি যেতিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে তেতিয়া অভিযুক্তই পলায়ন কৰে।

প্ৰশাসনিক সূত্ৰ অনুসৰি এই ঘটনাৰ পিছতে অঞ্চলটোত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে। অৱশ্যে এই ঘটনাই ৰাজনৈতিক মহলৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে আৰু অভিযুক্তক চিনাক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে। প্ৰশাসনে আশ্বাস দিছে যে ইয়াৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande