
ডিব্ৰুগড়, ১৬ এপ্ৰিল (হি.স.)। বাপতি সাহোন ৰঙালী বিহুক লৈ ৰাজ্যজুৰি উখল-মাখল পৰিবেশ বিৰাজ কৰি আছে । টিংখাং সমষ্টিৰ চহৰীকটা গাঁৱত সোণোৱাল কছাৰী লোকসকলে ঘৰে ঘৰে কৰিছে পৰম্পৰাগত হাইদাং হুঁচৰি ।
সোণোৱাল কছাৰী ৰাইজে একত্ৰিতভাৱে পৰম্পৰা ৰক্ষা কৰি গাইছে হাইদাং হুঁচৰি । চেমনিয়া, ডেকা আৰু জ্যেষ্ঠ সকলোৱে একেলগে কৰিছে পৰম্পৰাগত হুঁচৰি । পৰম্পৰা অনুসৰি গাঁৱৰ প্ৰত্যেকঘৰ গৃহস্থৰ চোতালত এটা খুঁটাত এডাল বাঁহ থৈ লৈ বিহুৱাসকলে হাতে হাতে বাঁহৰ লাঠীৰে বাঁহ ডালত কোবাই পেঁপা, ঢোল বজাই হাইদাং হুঁচৰি পৰিৱেশন কৰে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা