
কামৰূপ, ১৬ এপ্ৰিল (হি.স.)। কামৰূপৰ ঐতিহাসিক গোপাল থান মন্দিৰৰ সুৱঁৰী মহোৎসৱ ।দুদিনীয়া কৈ অনুষ্ঠিত কৰা কামৰূপৰ ঐতিহাসিক গোপাল থান মন্দিৰ প্ৰাঙ্গণত গোসাঁই বিহুৰ দিনটোতে সুৱঁৰী উৎসৱ হিচাপে উদযাপন কৰে ভক্তপ্ৰাণ ৰাইজে । এইবেলিও গোসাঁই বিহুৰ দিনটোতে অগণন ভক্তই ভিৰ কৰে শ্ৰী শ্ৰী গোপাল সত্ৰ থান প্ৰাঙ্গণত।
পৰম্পৰা অনুসৰি এইবেলিও দুদিনীয়া কৈ আয়োজন কৰা ৪৯ তম্ সুৱঁৰী উৎসৱৰ সৈতে সংগতি ৰাখি শ্ৰীকৃষ্ণৰ শিশু কালৰ চৰিত্ৰ সমূহ লৈ শ্ৰীকৃষ্ণ, বলোৰাম, বাৰ-গোপাল, গোপিনীৰ সৈতে নাম কীৰ্ত্তন কৰি বংশৰ অঞ্চলটোৰ মাজেৰে পৰিভ্ৰমণ কৰি শোভাযাত্ৰা উলিওৱা হয় ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু