শুৱালকুছিৰ ব্ৰহ্মপুত্ৰ ঘাটত মৃত ৰিভাৰ ডলফিন উদ্ধাৰ
কামৰূপ, ১৬এপ্ৰিল (হি.স.)। শুৱালকুছিৰ মাজটোলৰ ব্ৰহ্মপুত্ৰ ঘাটত এটা মৃত ৰিভাৰ ডলফিন (শিহু) উদ্ধাৰ । নদীৰ পাৰতে উদ্ধাৰ কৰা হয় ডলফিনটো । স্থানীয় ৰাইজে ডলফিনটো উদ্ধাৰ কৰি হাজো বন-বিভাগক খৱৰ দিয়ে। ঘটনাস্থলীত হাজো বন বিভাগৰ লোক উপস্থিত হয় ডলফিনটো পশু চিক
শুৱালকুছিৰ ব্ৰহ্মপুত্ৰ ঘাটত মৃত ৰিভাৰ ডলফিন উদ্ধাৰ


কামৰূপ, ১৬এপ্ৰিল (হি.স.)। শুৱালকুছিৰ মাজটোলৰ ব্ৰহ্মপুত্ৰ ঘাটত এটা মৃত ৰিভাৰ ডলফিন (শিহু) উদ্ধাৰ । নদীৰ পাৰতে উদ্ধাৰ কৰা হয় ডলফিনটো । স্থানীয় ৰাইজে ডলফিনটো উদ্ধাৰ কৰি হাজো বন-বিভাগক খৱৰ দিয়ে। ঘটনাস্থলীত হাজো বন বিভাগৰ লোক উপস্থিত হয় ডলফিনটো পশু চিকিৎসালয়লৈ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰে ।

বন বিভাগে জানিব দিয়া মতে ডলফিনটোৰ অনুমানিক বয়স ২ বছৰ আৰু ওজন প্ৰায় ৫০ কিলোগ্ৰাম হব। ডলফিনটোৰ মৃত্যুৰ কাৰন জানিব পৰা হোৱা নাই। মৰোনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত হে ডলফিনটোৰ মৃত্য়ুৰ প্ৰকৃত কাৰণ কব পৰা হব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande