
নতুন দিল্লী, ১৬ এপ্ৰিল (হি.স.)। চলিত বৰ্ষৰ আৰম্ভণিতে প্ৰফেচনেল ৰেছলিং লীগ (পি ডব্লিউ এল)ৰ সফল প্ৰত্যাৱৰ্তনৰ প্ৰভাৱ এতিয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চত স্পষ্টভাৱে দেখা গৈছে। ৫ম ছিজনত অংশগ্ৰহণ কৰা বহু ভাৰতীয় আৰু বিদেশী মল্লযুঁজাৰুৱে বৃহৎ বিশ্বব্যাপী প্ৰতিযোগিতাত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে।
জানুৱাৰী মাহত নয়ডা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা পি ডব্লিউ এল ছিজন ৫ত বিশ্বমানৰ মল্লযুঁজাৰুৰ সমান্তৰালভাৱে ভাৰতৰ প্ৰতিষ্ঠিত আৰু উদীয়মান প্ৰতিভাসকলকো প্ৰদৰ্শন কৰি শীৰ্ষ প্ৰতিযোগিতামূলক মঞ্চ হিচাপে ইয়াৰ স্থান আৰু অধিক শক্তিশালী কৰি তুলিছিল। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত খেলুৱৈসকলৰ প্ৰদৰ্শনত এতিয়া লীগৰ প্ৰভাৱ দেখা গৈছে, যিয়ে ঘৰুৱা প্ৰতিযোগিতামূলক গাঁথনিৰ শক্তিশালী গুৰুত্বক উজ্জ্বল কৰি তুলিছে।
এই তালিকাত আগবাঢ়ি আছে পুৰুষৰ ৬৫ কেজি শাখাত বিশ্বৰ অন্যতম শীৰ্ষ মল্লযুঁজাৰু হিচাপে পৰিগণিত হোৱা সুজিত কলকাল। বৰ্তমান ইৰাণৰ বিশ্ব চেম্পিয়ন তথা অলিম্পিকৰ ৰূপৰ পদক বিজয়ী ৰহমান আমৌজাদৰ পিছতে বিশ্বৰ দ্বিতীয় স্থানত থকা সুজিতে পি ডব্লিউ এল ছিজন ৫ত দিল্লী ডাংগল ৱাৰিয়ৰ্ছক প্ৰতিনিধিত্ব কৰি ৭টা বাউটৰ ভিতৰত ছটাত জয়লাভ কৰি ৰানাৰ্ছ আপৰ স্থান দখল কৰে।
লীগৰ পিছত সুজিতে জাগ্ৰেব আৰু মুহামেট মালো ৰেংকিং ছিৰিজৰ খিতাপকে ধৰি একেৰাহে তিনিটা আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক লাভ কৰাৰ লগতে চলিত মাহৰ আৰম্ভণিতে কিৰ্গিস্তানৰ বিচকেকত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছে।
মহিলা ৫৩ কেজি শাখাতো পিডব্লিউএল ছিজন ৫ত ডাঙৰ সফলতা হিচাপে আত্মপ্ৰকাশ কৰে মীনাক্ষী গোৱাটে।পঞ্জাব ৰয়েলছক প্ৰতিনিধিত্ব কৰি লীগত তিনিওখন বাউটতে জয়লাভ কৰি তাৰ পিছত ৰাষ্ট্ৰীয় ট্ৰাইলত অনন্ত পাংঘলক পৰাস্ত কৰি ভাৰতীয় দলত স্থান লাভ কৰে। ইয়াৰ পিছত বিষকেত অনুষ্ঠিত হোৱা মুহামেট মালো প্ৰতিযোগিতা আৰু এছিয়ান চেম্পিয়নশ্বিপ দুয়োটাতে ৰূপৰ পদক লাভ কৰি আন্তঃৰাষ্ট্ৰীয় স্থান শক্তিশালী কৰে।
আন আন গুৰুত্বপূৰ্ণ প্ৰদৰ্শনকাৰীসকলৰ ভিতৰত আছিল অলিম্পিকৰ ৰূপৰ পদক বিজয়ী অমন ছেহৰাৱাট (পুৰুষৰ ৬১ কেজি) যিয়ে জাগ্ৰেবত ৰূপৰ পদক আৰু টাইগাৰছ অৱ মুম্বাই ডাংগলছৰ হৈ বিষকেকত ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে দীনেশ ধনখৰে (পুৰুষৰ ১২৫ কেজি) পঞ্জাব ৰয়েলছৰ হৈ দুয়োখন প্ৰতিযোগিতাতে ব্ৰঞ্জৰ পদক লাভ কৰে।
হাৰিয়ানা থাণ্ডাৰছৰ নেহা চাংৱানেও মুহাম্মেট মালোত ৰূপ আৰু বিষকেত ব্ৰঞ্জৰ পদক লাভ কৰি আপ্লুত কৰে। আটাইতকৈ উৎসাহজনক প্ৰদৰ্শন আছিল উদীয়মান ভাৰতীয় মল্লযুঁজাৰু অভিমন্যু (পুৰুষৰ ৭০ কেজি)। লীগত ইউ পি ডমিনেটৰছক প্ৰতিনিধিত্ব কৰা ২৪ বছৰীয়া চি আই এছ এফৰ কনিষ্টবলগৰাকীয়ে বিস্কেকত অনুষ্ঠিত ফাইনেলত মংগোলীয় প্ৰবীণ তথা প্ৰাক্তন এছিয়ান গেমছ চেম্পিয়ন ট’মৰ-অচিৰিন তুলগাক পৰাস্ত কৰি সোণৰ পদক লাভ কৰে।
লীগৰ প্ৰভাৱ আন্তঃৰাষ্ট্ৰীয় তাৰকাসকলেও অনুভৱ কৰিছিল। দিল্লী ডাংগল ৱাৰিয়ৰ্ছক প্ৰতিনিধিত্ব কৰি কানাডাৰ বিশ্ব পদক বিজয়ী কাৰ্লা গডিনেজ গনজালেজে জাগ্ৰেবত ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে বিস্কেকত খিতাপ বিজয়ী হাৰিয়ানা থাণ্ডাৰছ দলৰ অংশ জাপানী প্ৰবীণ য়ুই ছুছাকিয়ে আন এক এছিয়ান খিতাপ দখল কৰে।
চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপৰ লগে লগে পি ডব্লিউ এল ছিজন ৫ৰ মল্লযুঁজাৰু বিশেষকৈ ভাৰতীয় মল্লযুঁজাৰুৰ প্ৰদৰ্শন দেশৰ বাবে এক অতি ইতিবাচক লক্ষণ।
পি ডব্লিউ এল ছিজন ৫ৰ পৰা উদীয়মান খেলুৱৈসকলৰ অবিৰত সফলতাই প্ৰমাণ কৰে যে ভাৰতৰ মল্লযুঁজৰ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ লগতে খেলুৱৈসকলক উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে এক মঞ্চ প্ৰদান কৰাত লীগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া