
নতুন দিল্লী, ১৬ এপ্ৰিল (হি.স.)। চেন্নাই ছুপাৰ কিংছ (চি এছ কে) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল)ৰ সময়ত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। তেওঁলোকৰ মূল বেগী বলাৰ খলিল আহমেদ কোৱাড্ৰিচেপছ (উৰু)ৰ আঘাতৰ বাবে সমগ্ৰ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছে।
এম এ চিদাম্বৰম ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলৰ সময়ত তেওঁ এই আঘাতৰ সন্মুখীন হয়। ১৭ নং অভাৰৰ শেষ বলটো বলিং কৰাৰ পূৰ্বে খলিলে ৰান আপৰ সময়ত হঠাতে ৰৈ সোঁ ভৰিখন ধৰিলে। প্ৰথম অৱস্থাত স্বাভাৱিক ক্ৰেম্প যেন লাগিছিল যদিও পুনৰ বল খেলিবলৈ চেষ্টা কৰাৰ পিছত খলিলে অস্বস্তি অনুভৱ কৰি ডাগআউটৰ ফালে ইংগিত দি খেলপথাৰৰ পৰা ওলাই আহিল। ইয়াৰ পিছতে গুৰজপনিতে নিজৰ অভাৰৰ শেষ বলটো সম্পূৰ্ণ কৰে।
এই ছিজনত চেন্নাইৰ বলিং আক্ৰমণৰ মূল অংশ আছিল ২৮ বছৰীয়া খলিল আহমেদ। তেওঁৰ অনুপস্থিতিয়ে বিশেষকৈ ডেথ অভাৰত দলৰ ভাৰসাম্যত প্ৰভাৱ পেলাব পাৰে।
মহাৰাষ্ট্ৰৰ বেগী বলাৰ মুকেশ চৌধাৰী আৰু ৰামকৃষ্ণ ঘোষে খলিলৰ সলনি সম্ভাৱ্য খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে। বাওঁহাতৰ খেলুৱৈ মুকেশ চৌধাৰীয়ে খলিলৰ দৰেই বিকল্প আগবঢ়াব পাৰে যদিও সোঁহাতৰ পেচাৰ ৰামকৃষ্ণ ঘোষে এক বেলেগ কম্বিনেচন আগবঢ়াব পাৰে।
এই আঘাতৰ বাবে চেন্নাই ছুপাৰ কিংছক নিজৰ বলিং কৌশল সালসলনি কৰিবলৈ বাধ্য হ’ব পাৰে, যাৰ ফলত ভৱিষ্যতৰ মেচত তেওঁলোকৰ প্ৰদৰ্শনত প্ৰভাৱ পৰিব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া