১৬ বছৰত ২৯টা পদক লাভ কৰি ভাৰতীয় হকীৰ প্ৰতিভাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে মধ্য প্ৰদেশ
– ভূপাল আৰু গোৱালিয়ৰৰ একাডেমীসমূহে শক্তিশালী প্লেয়াৰ পাইপলাইন গঢ়ি তুলিছে নতুন দিল্লী, ১৬ এপ্ৰিল (হি.স.)। বিগত ১৬ বছৰত হকী ইণ্ডিয়া ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত মুঠ ২৯টা পদক লাভ কৰি ভাৰতীয় হকীৰ শক্তিশালী প্ৰতিভাৰ কেন্দ্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰ
मध्य प्रदेश हॉकी टीम


– ভূপাল আৰু গোৱালিয়ৰৰ একাডেমীসমূহে শক্তিশালী প্লেয়াৰ পাইপলাইন গঢ়ি তুলিছে

নতুন দিল্লী, ১৬ এপ্ৰিল (হি.স.)। বিগত ১৬ বছৰত হকী ইণ্ডিয়া ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত মুঠ ২৯টা পদক লাভ কৰি ভাৰতীয় হকীৰ শক্তিশালী প্ৰতিভাৰ কেন্দ্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে হকী মধ্যপ্ৰদেশে। এই সফলতাত ভূপাল আৰু গোৱালিয়ৰৰ মধ্যপ্ৰদেশ হকী একাডেমীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

শেহতীয়াকৈ ২০২৬ চনৰ ১৬ সংখ্যক হকী ইণ্ডিয়া চাব-জুনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপত ৰাজ্যখনৰ পুৰুষ আৰু মহিলা দুয়োটা দলে ৰূপৰ পদক লাভ কৰি পুনৰবাৰ নিজৰ শক্তিশালী তৃণমূল গঠন প্ৰদৰ্শন কৰে।

মহিলা শ্ৰেণীত আধিপত্য

মধ্যপ্ৰদেশৰ মহিলা হকী দলসমূহে বিশেষভাৱে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছে। বিগত ১৬ বছৰত মহিলা শাখাত মুঠ ২৩টা পদক (সোণ, ৰূপ, আৰু ব্ৰঞ্জ) লাভ কৰিছে।

জুনিয়ৰ মহিলা দলটোৱে ৬টা পদক (৩টা সোণ, ৩টা ৰূপ) লাভ কৰাৰ বিপৰীতে ছাব জুনিয়ৰ মহিলা দলটোৱে ১০টা পদক (৩টা সোণ, ৫টা ৰূপ, ২টা ব্ৰঞ্জ) লাভ কৰে। ছিনিয়ৰ মহিলা দলটোৱে ২০২১ আৰু ২০২৩ চনত খিতাপকে ধৰি ৭টা পদক (২টা সোণ, ২টা ৰূপ, ৩টা ব্ৰঞ্জ) লাভ কৰে।

পুৰুষৰ শাখাত শক্তিশালী প্ৰদৰ্শন

ইয়াৰোপৰি পুৰুষৰ শাখাত মধ্যপ্ৰদেশে ৬টা পদক (২টা স্বৰ্ণ, ৩টা ৰূপ, ১টা ব্ৰঞ্জ) লাভ কৰে। জুনিয়ৰ পুৰুষ দলে ২টা পদক (১টা সোণ, ১টা ব্ৰঞ্জ), চাব-জুনিয়ৰ পুৰুষৰ দলে ৩টা পদক (১টা সোণ, ২টা ৰূপ), আৰু ছিনিয়ৰ পুৰুষ দলে ২০২৫ চনত প্ৰথমটো ৰূপৰ পদক লাভ কৰে।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হোৱা খেলুৱৈ

এই শক্তিশালী ব্যৱস্থাৰ প্ৰভাৱ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো দেখা যায়। পুৰুষৰ শাখাত বিবেক সাগৰ প্ৰসাদ আৰু নীলকান্ত শৰ্মা, আৰু মহিলা শাখাত সুশিলা চানু আৰু ইশিকা চৌধাৰীৰ দৰে খেলুৱৈয়ে এই একাডেমী ব্যৱস্থাৰ জৰিয়তে ভাৰতীয় দলত স্থান লাভ কৰিছে।

মধ্যপ্ৰদেশৰ সফলতাৰ মূল কাৰণ হৈছে ইয়াৰ সংগঠিত আৰু প্ৰতিষ্ঠানিক বিকাশৰ আৰ্হি, য’ত চাব-জুনিয়ৰ আৰু জুনিয়ৰ পৰ্যায়ত প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈসকলে নিৰৱচ্ছিন্নভাৱে ছিনিয়ৰ দললৈ পৰিৱৰ্তন হয়।

এই সফলতাত জ্যেষ্ঠ প্ৰশিক্ষক পৰমজীত সিঙে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ ২০১৬ চনৰ অলিম্পিকত ভাৰতীয় মহিলা দলৰ অংশ হিচাপে থকা কেইবাগৰাকীও খেলুৱৈক লালন-পালন কৰিছিল। ইয়াৰ বাবে ২০১৬ চনত মধ্যপ্ৰদেশ চৰকাৰে তেওঁক জীৱনজোৰা সাফল্য বঁটাৰে সন্মানিত কৰে।

পৰমজীত সিঙে কয়, আমাৰ লক্ষ্য হৈছে ৰাজ্যৰ ভিতৰত প্ৰতিভাক চিনাক্ত কৰি তেওঁলোকক উৎকৃষ্ট সুবিধা আৰু বৈজ্ঞানিক প্ৰশিক্ষণ প্ৰদান কৰা। আমাৰ একাডেমীয়ে পূৰ্বৰ কোনো হকীৰ অভিজ্ঞতা নথকা শিশুসকলকো সুযোগ প্ৰদান কৰে। আমি তেওঁলোকক বিশ্বমানৰ সুবিধা, সঁজুলি, আৰু পুষ্টি প্ৰদান কৰোঁ।

হকী মধ্যপ্ৰদেশৰ সম্পাদক লোক বাহাদুৰে ব্যাখ্যা কৰে যে এই সফলতা সমগ্ৰ ৰাজ্যতে এক সামূহিক প্ৰচেষ্টাৰ ফল। তেওঁ কয় যে জিলা পৰ্যায়ত প্ৰতিভা চিনাক্ত কৰি ভোপাল আৰু গ্ৱালিয়ৰৰ একাডেমীসমূহত বিকশিত কৰা হয়, যাৰ ফলত এক শক্তিশালী খেলুৱৈৰ পাইপলাইনৰ সৃষ্টি হয়।

মধ্যপ্ৰদেশৰ এই আদৰ্শ ব্যৱস্থাই কেৱল ৰাজ্যখনলৈ ধাৰাবাহিক সফলতা কঢ়িয়াই অনাই নহয় ভাৰতীয় হকীৰ বাবেও ভৱিষ্যতৰ তাৰকা সৃষ্টি কৰিছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande