ৰিয়েল মাদ্রিদক পৰাস্ত কৰি বায়ার্ন মিউনিখৰ চেম্পিয়নছ লীগৰ ছেমি ফাইনেলত প্রৱেশ
মিউনিখ, ১৬ এপ্ৰিল (হি.স.)। জাৰ্মানৰ অন্যতম শ্ৰেষ্ঠ দল বায়াৰ্ন মিউনিখে বুধবাৰে নিশা স্পেইনৰ অভিলেখ ১৫ বাৰৰ চেম্পিয়ন ৰিয়েল মাদ্রিদক ৪-৩ গ’ল (মুঠ স্কোৰ ৬-৪)ত পৰাস্ত কৰি ইউএফএ চেম্পিয়নছ লীগৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ অন্তিম মুহূৰ্তত লুইছ ডা
माइकल ओलिसे (दाएं) और लुइस डियाज़ ने मैच के आखिर में दो गोल करके बायर्न म्यूनिख को चैंपियंस लीग का 'डबल' पूरा करने में मदद की।


মিউনিখ, ১৬ এপ্ৰিল (হি.স.)। জাৰ্মানৰ অন্যতম শ্ৰেষ্ঠ দল বায়াৰ্ন মিউনিখে বুধবাৰে নিশা স্পেইনৰ অভিলেখ ১৫ বাৰৰ চেম্পিয়ন ৰিয়েল মাদ্রিদক ৪-৩ গ’ল (মুঠ স্কোৰ ৬-৪)ত পৰাস্ত কৰি ইউএফএ চেম্পিয়নছ লীগৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ অন্তিম মুহূৰ্তত লুইছ ডায়েজ আৰু মাইকেল অলিছেৰ গ’লে বায়াৰ্নৰ এক স্মৰণীয় জয় নিশ্চিত কৰে।

খেলখনৰ ৮৯ মিনিটত লুইছ ডায়েজে বায়াৰ্নক অগ্ৰগতি প্ৰদান কৰাৰ বিপৰীতে মাইকেল অলিছেই ইনজুৰি টাইমত জয়ৰ ছীল দিয়ে। এই জয়ৰ লগে লগে বায়াৰ্নে এতিয়া ছেমি ফাইনেলত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন পেৰিছ চেণ্ট জাৰ্মেইনৰ বিৰুদ্ধে।

খেলখনৰ ৮৬ মিনিটত ৰিয়েল মাদ্রিদৰ মিডফিল্ডাৰ এডুয়াৰ্ডো কামাভিংগাই দুখন হালধীয়া কাৰ্ড লাভ কৰাত বাহিৰ কৰি দিয়া হয়। পিছত আৰ্ডা গুলাৰে অসন্তুষ্টিৰ বাবে ৰঙা কাৰ্ড লাভ কৰাত দলটোৰ প্ৰত্যাৱৰ্তনৰ আশা ক্ষীণ হৈ পৰে।

প্ৰথমাৰ্ধত গ’লৰ বৰষা

মেচখন অতি দ্ৰুত হৈছিল আৰু আৰ্ডা গুলাৰে মাত্ৰ ৩৫ ছেকেণ্ডতে ৰিয়েলক অগ্ৰগতি দিছিল। বায়াৰ্নৰ গ’লৰক্ষক মেনুৱেল ন্যুয়াৰে এটা ডাঙৰ ভুল কৰিলে। অৱশ্যে পাঁচ মিনিটৰ পাছত আলেকজেণ্ডাৰ পাভলভিচৰ হেডাৰেৰে বায়ার্নে সমতা স্থাপন কৰে ৷

২৯ মিনিটত গুলাৰে ৰিয়েলক সুন্দৰ ফ্ৰী কিকেৰে পুনৰ অগ্ৰগতি প্ৰদান কৰে যদিও ৮ মিনিটৰ পাছত হেৰী কেনে গ’ল দি ২-২ গ’লত অগ্ৰগতি লাভ কৰে। ইয়াৰ পিছতে হাফটাইমৰ ঠিক আগতেই কাইলিয়ান এমবাপে সমতা স্থাপন কৰে।

দ্বিতীয়াৰ্ধত সংগ্ৰাম আৰু অৱশেষত বায়াৰ্নৰ জয়লাভ

দ্বিতীয়াৰ্ধত খেলৰ গতি লেহেমীয়া হয় যদিও দুয়োটা দলে সুযোগৰ সৃষ্টি কৰে। মেনুৱেল ন্যুয়াৰে কিছুমান উজ্জ্বল ছেভ কৰি বায়াৰ্নক মেচখনত ৰাখিবলৈ সক্ষম হয়। অৱশ্যে কামাভিংগাৰ ৰঙা কাৰ্ডৰ পিছত বায়াৰ্নে সম্পূৰ্ণ সুবিধা লৈ একেৰাহে দুটা গ’ল দি মেচখন জয়ী হয়।

বায়াৰ্নৰ প্ৰশিক্ষক ভিনচেণ্ট কম্পানীয়ে দলটোৰ প্ৰদৰ্শনক প্ৰশংসা কৰি কয় যে, ক্লাবটোৰ বাবে এইটো এটা কল্পনাতীত নিশা আছিল। দলটোৱে ঐক্য আৰু আত্মবিশ্বাস প্ৰদৰ্শন কৰিছিল, যিটোৱেই আছিল জয়ৰ আটাইতকৈ ডাঙৰ কাৰণ।

ৰিয়েল মাদ্রিদৰ প্ৰশিক্ষক আলভাৰো আৰ্বেল’য়াই ৰঙা কাৰ্ডক লৈ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে ইমান ডাঙৰ মেচত এনে সিদ্ধান্তই খেলৰ সৌন্দৰ্য্যত প্ৰভাৱ পেলায়।

এই জয়ৰ জৰিয়তে বায়াৰ্ন মিউনিখে উল্লেখযোগ্য প্ৰত্যাৱৰ্তনৰ উদাহৰণ দাঙি ধৰিলে আৰু এতিয়া খিতাপ জয়ৰ প্ৰতি লক্ষ্য ৰাখিছে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande