
শিৱসাগৰ, ১৬ এপ্ৰিল (হি.স.)। চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত অভূতপূৰ্ব সাফল্য শিৱসাগৰ জিলাৰ দিব্যাংকু ৰবি দত্তৰ l মেলাচকৰ এমজি ৰোড ৰ নিবাসী পিতৃ বিতোপন দত্ত আৰু মাতৃ অঞ্জলীমা গগৈৰ একমাত্ৰ পুত্ৰ দিব্যাংকু ৰবি দত্তই কেন্দ্ৰীয় বিদ্যালয় শিৱসাগৰ পৰা ৯৯.৯ %লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ শিৱসাগৰ জিলালৈ সুনাম কহিয়াই আনিছে ।
অন্যহাতে শিৱসাগৰৰ লক্ষীমি নগৰৰ নিবাসী মৃদুল হাজৰিকা আৰু ৰঞ্জিমা হাজৰিকাৰ কন্যা কৃষ্টিপ্ৰিয়া হাজৰিকাই ৯৬.৮ শতাংশ পাই শিৱসাগৰ লৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ যে দিব্যাংকু ৰবি দত্তৰ নম্বৰ সমূহ আছিল এনেধৰণৰ -অংক (১০০),বিজ্ঞান (১০০), সমাজ বিজ্ঞান (১০০), আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চ (১০০), ইংৰাজী (৯৯)।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু