
অভিনেতা ছলমান খানৰ আগন্তুক ছবি ‘মাতৃভূমি’ক লৈ চলি থকা জল্পনা-কল্পনা এতিয়া স্তব্ধ হৈ পৰিছে। যোৱা কেইদিনমানৰ পৰা ছবিখন পোনপটীয়াকৈ অ’টিটি প্লেটফৰ্মত মুক্তি পাব পাৰে বুলি বাতৰি প্ৰকাশ পাইছিল যদিও শেহতীয়া তথ্য অনুসৰি ছবিখন ডিজিটেল নহয়, ডাঙৰ পৰ্দাত মুক্তি পাব বুলি নিৰ্মাতাসকলে স্পষ্ট কৰি দিছে।
ছবিখনৰ ঘনিষ্ঠ সূত্ৰৰ মতে, ‘মাতৃভূমি’ক এক বৃহৎ পৰিসৰত নিৰ্মাণ কৰা হৈছে আৰু নাট্য অভিজ্ঞতাক মনত ৰাখিয়েই ডিজাইন কৰা হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, ছলমান খান আৰু পৰিচালক অপূৰ্ব লখিয়া দুয়োজনেই থিয়েটাৰত মুক্তিৰ পক্ষত আছে। ছবিখনৰ মুক্তি পলম হ’লেও বৰ্তমান অ’টিটিত মুক্তিৰ কোনো পৰিকল্পনা নাই।
খবৰ অনুসৰি, ছবিখন এতিয়াও চাৰ্টিফিকেচনৰ বাবে চেঞ্চৰ ব’ৰ্ডত জমা দিয়া হোৱা নাই। প্ৰথম অৱস্থাত ছবিখন সঁচা ঘটনাৰ পৰা অনুপ্ৰাণিত হোৱা বুলি জানিব পৰা গৈছে যদিও প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আপত্তিৰ পিছত কাহিনীটোত কিছু পৰিৱৰ্তন কৰা হৈছিল। মন্ত্ৰালয়ে ছবিখনক চীন আৰু গালৱান উপত্যকাৰ প্ৰত্যক্ষ উল্লেখ আঁতৰাই পেলাবলৈ পৰামৰ্শ দিছিল, যাৰ ফলত প্ৰযোজকসকলে কিছুমান অংশ পুনৰ শ্বুট কৰিবলৈ বাধ্য হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া