
নতুন দিল্লী, ১৬ এপ্ৰিল (হি.স.)। এসপ্তাহ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ পৰা ২৫খন জনস্বাৰ্থৰ আবেদন প্ৰত্যাহাৰ কৰা অধিবক্তা শচীন গুপ্তাই বৃহস্পতিবাৰে আৰু ১৭খন আবেদন প্ৰত্যাহাৰ কৰে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠত তেওঁ কয় যে তেওঁ প্ৰথমে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সন্মুখত নিজৰ গোচৰ দাখিল কৰিব বিচাৰে। ইয়াৰ পিছত আদালতে তেওঁক আবেদন প্ৰত্যাহাৰ কৰাৰ অনুমতি প্ৰদান কৰে।
ইয়াৰ পূৰ্বে যোৱা ১০ এপ্ৰিলত অধিবক্তা শচীন গুপ্তাইও উচ্চতম ন্যায়ালয়ৰ পৰা বিভিন্ন বিষয়ত ২৫খন পৃথক জনস্বাৰ্থৰ আবেদন প্ৰত্যাহাৰ কৰিছিল। আদালতে গুপ্তাক কৈছিল যে আদালতলৈ অহাৰ পৰিৱৰ্তে প্ৰশাসন আৰু চৰকাৰৰ কাষ চাপিব লাগে। আদালতে তেওঁক নিজৰ পেছাত মনোনিৱেশ কৰি আদালতলৈ অহাৰ পৰিৱৰ্তে চৰকাৰ আৰু প্ৰশাসনৰ কাষ চাপিবলৈ পৰামৰ্শ দিছিল।
আদালতে উল্লেখ কৰিছিল যে উপযুক্ত সময়ত তেওঁৰ আবেদনৰ শুনানি নিশ্চিতভাৱে কৰিব। যদি প্ৰশাসনেও কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে তেওঁ আদালতৰ কাষ চাপিব পাৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে এজন অধিবক্তা হিচাপে আবেদনকাৰীয়ে বিষয়সমূহ চিনাক্ত কৰি বিশ্লেষণ কৰি প্ৰশাসনক সংবেদনশীল কৰি তুলিব লাগে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া