উত্তৰ প্ৰদেশত টেট্ৰা পেকত সুৰা বিক্ৰীৰ বিৰুদ্ধে উত্থাপিত আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
নতুন দিল্লী, ১৬ এপ্ৰিল (হি.স.)। উত্তৰ প্ৰদেশত টেট্ৰা পেকত সুৰা বিক্ৰীক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে । মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত এখন বিচাৰপীঠে আবেদনকাৰীক আবেদনখনৰ প্ৰতিলিপি সংশ্লিষ্ট কৰ
2b5e840bb83aaa41d789890e44a2e62b_435971943.jpg


নতুন দিল্লী, ১৬ এপ্ৰিল (হি.স.)। উত্তৰ প্ৰদেশত টেট্ৰা পেকত সুৰা বিক্ৰীক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে । মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত এখন বিচাৰপীঠে আবেদনকাৰীক আবেদনখনৰ প্ৰতিলিপি সংশ্লিষ্ট কৰ্তৃপক্ষক জমা দিবলৈ কয় । মুখ্য ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰে যে মদ ক্ৰয় কৰিব বিচৰাসকলে যিকোনো ৰূপত ক্ৰয় কৰিব পাৰে।

আদালতে উল্লেখ কৰে যে উত্তৰ প্ৰদেশ চৰকাৰৰ আবকাৰী নীতিত টেট্ৰা পেকত সুৰা বিক্ৰীৰ বাবে স্পষ্টভাৱে অনুমতি দিয়া হোৱা নাই । কিন্তু দেখা গৈছে যে ২০২৫ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখৰ প্ৰশাসনিক সিদ্ধান্তত সৰু সৰু পেকত মদৰ অনুমতি দিয়া হৈছিল। সেই নীতি ৰেকৰ্ডত উপলব্ধ ।

এই আৱেদন দাখিল কৰিছে মীনাক্ষী তিৱাৰীয়ে । আবেদনখনত টেট্ৰা পেকত সুৰা বিক্ৰীৰ অনুমতিক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে। শুনানিৰ সময়ত আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা অধিবক্তাই যুক্তি দিছিল যে টেট্ৰা পেকত মদৰ উপলব্ধতাই শিশু আৰু ছাত্ৰ-ছাত্ৰীৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। তেওঁ কয় যে উত্তৰ প্ৰদেশৰ ছাত্ৰ-ছাত্ৰীসকলে এই সৰু সৰু পেকবোৰ সহজেই স্কুল বা কলেজলৈ লৈ যাব পাৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande