
নতুন দিল্লী, ১৬ এপ্ৰিল (হি.স.)। সংসদৰ তিনিদিনীয়া বিশেষ অধিৱেশনৰ প্ৰথম দিনাই বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি নীতিন নবীনকে ধৰি নৱনিৰ্বাচিত সদস্যসকলে ৰাজ্যসভাত শপত গ্ৰহণ কৰে। ৰাজ্যসভাই সদনৰ প্ৰাক্তন সদস্য মহছিনা কিদৱাই আৰু নেপথ্য় গায়িকা আশা ভোছলেক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে ১৭ এপ্ৰিলৰ পুৱা ১১ বজালৈ ৰাজ্যসভাৰ কাৰ্য্যবিধি স্থগিত ৰখা হয়।
তিনিদিনীয়া অধিৱেশনত মহিলা সংৰক্ষণৰ পথ প্ৰশস্ত কৰা সংবিধান সংশোধনী বিধেয়ক আৰু আন দুখন বিধেয়ক সন্দৰ্ভত কাইলৈ ৰাজ্যসভাত আলোচনা আৰম্ভ হ’ব। আজি এইবোৰ লোকসভাত চৰ্চা চলি আছে আৰু কাইলৈ সদনে গৃহীত কৰিব।
ৰাজ্যসভাত সভাপতি চি পি ৰাধাকৃষ্ণনে তেৰাশ গোৱালা (বিজেপি অসম), যোগেন মোহন (বিজেপি অসম), সুজিত কুমাৰ (বিজেপি ওড়িশা), ড° অভিষেক মনু সিংৱী (কংগ্ৰেছ তেলেংগানা), ভেম নৰেন্দ্ৰ ৰেড্ডী (কংগ্ৰেছ তেলেংগানা), বিনোদ কুমাৰ টাউডে (বিজেপি মহাৰাষ্ট্ৰ), অনুৰাগ শৰ্মা (কংগ্ৰেছ হিমাচল প্ৰদেশ), সঞ্জয় ভাটিয়া (বিজেপি হাৰিয়ানা), প্ৰমোদ বড়ো (ইউপিপি(ল) অসম), কৰমবীৰ সিং বৌদ্ধ (কংগ্ৰেছ হাৰিয়ানা), ফুলো দেৱী নেতম (কংগ্ৰেছ ছত্তীশগড়), লক্ষ্মী বৰ্মা (বিজেপি ছত্তীশগড়), শিবেশ কুমাৰ (বিজেপি বিহাৰ), ৰামনাথ ঠাকুৰ (জেডি(ইউ) বিহাৰ) আৰু উপেন্দ্ৰ কুশৱাহা (আৰ এল এম বিহাৰ) ক শপত গ্ৰহণ কৰোৱায় । উপ সভাপতিয়ে সকলো নতুন সদস্যলৈ অভিনন্দন জ্ঞাপন কৰে ।
নীতিন নবীনে এক্সত কয়, আজি মই সংসদৰ উচ্চ সদনৰ ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰি ৰাষ্ট্ৰীয় সেৱাৰ এক নতুন অধ্যায় আৰম্ভ কৰিছো । মোৰ বাবে এয়া এক অপৰিসীম গৌৰৱৰ মুহূৰ্ত । মই প্ৰতিশ্ৰুতি দিছো যে সদনত বিহাৰৰ কণ্ঠ সুদৃঢ় কৰি মই সম্পূৰ্ণ আনুগত্য আৰু নিষ্ঠাৰে এখন 'উন্নত ভাৰত'ৰ লক্ষ্যত উপনীত হোৱাৰ লগতে ৰাইজৰ আকাংক্ষা পূৰণৰ বাবে কাম কৰি যাম।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া