
কোকৰাঝাৰ, ১৬ এপ্ৰিল (হি.স.)। বহাগৰ পহিলা দিনৰ দিনা কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমান্তবৰ্তী অঞ্চলৰ ঐতিহাসিক আইশাকাতি মন্দিৰত প্ৰত্যেক বছৰৰ দৰে এইবেলিও পূজাৰ লগতে মেলাৰ অনুষ্ঠিত কৰা হৈছে । প্ৰায় ডেৰশ বছৰ আগৰে পৰা অনুষ্ঠিত কৰি অহা পূজাত বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হয়।
আয়োজক সমিতিয়ে জানিব দিয়া অনুসৰি প্ৰথম অৱস্থাত আই শাকাতি পাহাৰত অনুষ্ঠিত কৰিছিল যদিও ভক্ত সকলৰ মাজত জনবিশ্বাস আৰু ভক্ত সকলে দেবীৰ চৰণত কৰা মনস্কামনা পূৰণ হোৱাত পৰবৰ্তী সময়ত ভক্তৰ লালি নিছিঙা ভিৰ হোৱাত বৰ্তমান বৃহৎ মন্দিৰ স্থাপন কৰা হৈছে । ফকিৰাগ্ৰামৰ কিছু নিলগত বামুনকুৰাৰ গাৱৰ ওচৰত মন্দিৰ নিৰ্মান কৰি পূজাৰ আয়োজন কৰা হৈছে।
কালি পুৱাৰ দৰে আজিৱ পৰা ভক্ত সকলে দিঘলীয়া শাৰীপাতি পঠা, পাৰ আদি উৎসৰ্গা কৰি পূজা অৰ্চনা কৰাৰ বাবে কোকৰাঝাৰ ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰাও ভক্তৰ আগমন ঘটা মন্দিৰত পূজাৰ আয়োজন কৰাৰ ক্ষেত্ৰত আয়োজক সমিতিয়ে ভক্তৰ বিশেষ সুবিধা দিব পৰা নাই। সেইবাবে চৰকাৰক এই পূজা আয়োজন কৰাৰ ক্ষেত্ৰত আৰু মন্দিৰ নিৰ্মান কৰিবলৈ সহায় আগবঢ়াবলৈ আহ্বান জনায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ