লামডিং ৰেলৱে জংচনত ঠিকাভিক্তিক চাফাই কৰ্মীৰ প্ৰতিবাদ
হোজাই, ১৬ এপ্ৰিল (হি.স.)। হোজাই জিলাৰ লামডিং ৰেলৱে জংচনত ঠিকাভিক্তিক চাফাই কৰ্মীসকল প্ৰতিবাদমুখৰ হৈ পৰিছে ৷ আজি পুৱাই লামডিং ৰেলৱে জংচনত প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷ Reliable Concrete Corporation নামৰ প্ৰতিষ্ঠানটোৰ তত্বাবধানত চলি আছে কাম ৷ বিভিন্
লামডিং ৰেলৱে জংচনত ঠিকাভিক্তিক চাফাই কৰ্মীৰ প্ৰতিবাদ


হোজাই, ১৬ এপ্ৰিল (হি.স.)। হোজাই জিলাৰ লামডিং ৰেলৱে জংচনত ঠিকাভিক্তিক চাফাই কৰ্মীসকল প্ৰতিবাদমুখৰ হৈ পৰিছে ৷ আজি পুৱাই লামডিং ৰেলৱে জংচনত প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷ Reliable Concrete Corporation নামৰ প্ৰতিষ্ঠানটোৰ তত্বাবধানত চলি আছে কাম ৷ বিভিন্ন সময়ৰ পৰা চাফাই কৰ্মী সকলে লামডিং ৰেলৱে জংচনত লেতেৰা জাৱৰ জোথৰ নিজ হাতে পৰিস্কাৰ কৰি সাধাৰণ ৰাইজৰ সুবিধা কৰি দিয়ে কিন্তু সেই চাফাই কৰ্মী সকলে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহাৰ অভিযোগ তুলিছে ৷ তেওঁ লোকৰ অভিযোগ বহু সময়ৰ পৰা তেওঁলোকে মাচুল লাভ কৰে ৯-১০ হাজাৰ টকা কিন্তু তেওঁলোকৰ বেংকৰ একাউন্টত সোমায় ১৬ হাজাৰ টকাকৈ ৷

তেওঁ লোকে,অভিযোগ তুলি কয় যে প্ৰাপ্য মেডিকেল সুবিধা, পিএফ আদিৰ পৰাও বঞ্চিত হৈ আহিছে ৷ এই গুৰুত্বৰ অভিযোগ ঠিকাদাৰ সুশান্ত পালৰ বিৰুদ্ধে ৷ বাৰে বাৰে চাফাই কৰ্মী সকলে অভিযোগ তুলিছে যে প্ৰতিমাহে তেওঁ লোকৰ বেংকৰ ফালৰ পৰা ১৬ হাজাৰ টকা একাউন্টত সোমোৱাৰ মেছেজ আহে, কিন্তু কৰ্মী সকলে প্ৰতিমাহে হাতে হাতে লাভ কৰে মাত্ৰ ১০ হাজাৰ টকাহে ৷ বাকী টকাখীনি ঠিকাদাৰে আত্মসাৎ কৰে বুলি অভিযোগ তুলিছে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande