
লখিমপুৰ, ১৬ এপ্ৰিল (হি.স.): লখিমপুৰ জিলাৰ লখিমপুৰ বিধানসভা সমষ্টিৰ সোৱণশিৰি পাৰৰ দৰ্গেত আছে চিকিৎসক নথকা, নাৰ্চ নথকা, টেকনিচিয়ান নথকা, কৰ্মচাৰী নথকা আৰু ঔষধ নথকা হাবি জংঘলেৰে আৱৰি ধৰা চিকিৎসালয়। সম্প্ৰতি ভূত বাংলালৈ পৰিণত হৈ পৰিছে জৰাজীৰ্ণ হৈ পৰা এঘাৰখন বিচনা যুক্ত দৰ্গে নৈপৰীয়া চিকিৎসালয় খন ।
চিকিৎসালয়খনত নাই চিকিৎসক তাৰ সলনি ওলমি আছে তলা। লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ চৰম হেমাহি, চৰম গাফিলতি, চৰম নগ্ন স্বৰূপ উদঙাই দিছে এই চিকিৎসালয়খনে । ইফালে চিকিৎসালয়ত ভিতৰত খেৰৰ দম দেখা গৈছে। উল্লেখযোগ্য যে দৰ্গে নৈপৰীয়া গাঁৱৰ ৰাইজে পূৰ্বে নিযুক্ত চিকিৎসক, নাৰ্চ, লখিমপুৰ জিলা প্ৰশাসনক পুনৰ নিযুক্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ