প্ৰায় ৩৪ বছৰৰ অন্তত ইজৰাইল আৰু লেবাননৰ ৰাষ্ট্ৰপতিৰ মাজত আলোচনা
- ইৰাণ আৰু আমেৰিকাৰ মাজত পুনৰ আলোচনা আৰম্ভ হোৱাৰ আশা বৃদ্ধি পাইছে টেল আভিভ/ৱাশ্বিংটন/তেহৰাণ, ১৬ এপ্ৰিল (হি.স.)। মধ্যপ্ৰাচ্যত অব্যাহত থকা উত্তেজনা আৰু হৰমুজ জলদ্বীপত আমেৰিকাই অৱৰোধ কৰাৰ মাজতে আজি ইজৰাইল আৰু লেবাননৰ ৰাষ্ট্ৰপতিৰ মাজত আলোচনা অনুষ্ঠিত
ইজৰাইল আৰু লেবানন


- ইৰাণ আৰু আমেৰিকাৰ মাজত পুনৰ আলোচনা আৰম্ভ হোৱাৰ আশা বৃদ্ধি পাইছে

টেল আভিভ/ৱাশ্বিংটন/তেহৰাণ, ১৬ এপ্ৰিল (হি.স.)। মধ্যপ্ৰাচ্যত অব্যাহত থকা উত্তেজনা আৰু হৰমুজ জলদ্বীপত আমেৰিকাই অৱৰোধ কৰাৰ মাজতে আজি ইজৰাইল আৰু লেবাননৰ ৰাষ্ট্ৰপতিৰ মাজত আলোচনা অনুষ্ঠিত হোৱাৰ কথা। দুয়োখন দেশৰ শীৰ্ষ নেতাৰ মাজত এই বৈঠক প্ৰায় ৩৪ বছৰৰ মূৰত হ’ব । ইফালে ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধি কৰাৰ লগতে তেহৰাণ আৰু ৱাশ্বিংটনৰ মাজত পুনৰ আলোচনা আৰম্ভ কৰাৰ আশা বৃদ্ধি পাইছে।

ইতিমধ্যে বুধবাৰে সন্ধিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এনে পদক্ষেপৰ ইংগিত দিছিল। এতিয়া ইজৰাইলৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী গিলা গামলিয়েলে নিশ্চিত কৰিছে যে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে আজি লেবাননৰ ৰাষ্ট্ৰপতি জেনেৰেল জোচেফ আউনৰ সৈতে কথা পাতিব। ইফালে লেবাননৰ আল-জাদিদে প্ৰকাশ কৰা অনুসৰি বৰ্তমান প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু, লেবাননৰ ৰাষ্ট্ৰপতি জোচেফ আউন আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ মাজত ত্ৰিপাক্ষিক ফোন কলৰ আয়োজন কৰাৰ প্ৰচেষ্টা চলি আছে।

দ্য টাইমছ অৱ ইজৰাইল, ফাইনেন্সিয়েল টাইমছ আৰু ফক্স নিউজৰ মতে, ইজৰাইলৰ মন্ত্ৰী গিলা গামলিয়েলে সেনা ৰেডিঅ’ক জনাইছে যে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে আজি লেবাননৰ ৰাষ্ট্ৰপতি জোচেফ আউনৰ সৈতে কথা পাতিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে লেবাননৰ ৰাষ্ট্ৰপতিৰ সৈতে কথা পাতিব আৰু এই পদক্ষেপে অৱশেষত সমৃদ্ধিৰ দিশত আগুৱাই নিব বুলি আশা কৰা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ছ’চিয়েল মিডিয়া পোষ্টৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে নিৰাপত্তা মন্ত্ৰীসভাৰ সদস্য গামলিয়েলে এই বক্তব্য প্ৰকাশ কৰে যদিও আলোচনাত কোন কোন নেতা জড়িত হ’ব সেই কথা ট্ৰাম্পে স্পষ্ট কৰা নাই।

ট্ৰাম্পৰ এই পোষ্টৰ পিছত কেইবাটাও সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি লেবাননৰ এজন বিষয়াই কয় যে ইজৰাইলৰ সৈতে আগন্তুক কোনো ধৰণৰ যোগাযোগৰ বিষয়ে তেওঁলোকৰ কোনো জ্ঞান নাই। চলিত সপ্তাহৰ আৰম্ভণিতে ইজৰাইল আৰু লেবাননৰ প্ৰতিনিধিয়ে আমেৰিকাৰ সমৰ্থনত ৱাশ্বিংটনত বৈঠকত মিলিত হৈছিল। এইখনেই আছিল দুয়োখন দেশৰ মাজত আজিলৈকে হোৱা সৰ্বোচ্চ পৰ্যায়ৰ বৈঠক।

ইফালে ইৰাণৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে তেহৰাণ আৰু ৱাশ্বিংটনে কেইবা সপ্তাহজোৰা যুদ্ধৰ অন্ত পেলাবলৈ চুক্তিৰ দিশত কিছু অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পিছতো তেহৰাণৰ পাৰমাণৱিক উচ্চাকাংক্ষাকে ধৰি ডাঙৰ ডাঙৰ পাৰ্থক্য আছে। কালি পাকিস্তান সেনাৰ মুৰব্বী ফিল্ড মাৰ্শ্বাল অসীম মুনিৰে তেহৰাণ ভ্ৰমণৰ ফলত কিছু ক্ষেত্ৰত মতানৈক্যৰ সৃষ্টি হৈছে বুলিও কয় বিষয়াগৰাকীয়ে। ইয়াৰ ফলত যুদ্ধবিৰতি আৰু তেহৰাণ আৰু ৱাশ্বিংটনৰ মাজত পুনৰ আলোচনা আৰম্ভ হোৱাৰ আশাৰ সঞ্চাৰ হৈছে।

লেবাননত শান্তিৰ পদক্ষেপৰ মাজতে বুধবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল ট্ৰুথত কয় যে, মই ইজৰাইল আৰু লেবাননৰ মাজত কিছু সকাহ আনিবলৈ চেষ্টা কৰিছো। দুয়োখন দেশৰ মাজত বহুদিন, প্ৰায় ৩৪ বছৰ ধৰি কথা পতা নাই। কাইলৈ সেয়া হ'ব। অতি উত্তম। ইজৰাইল আৰু হিজবুল্লাহৰ মাজত যুদ্ধবিৰতি কিছুদিনৰ ভিতৰতে ঘোষণা হ’ব পাৰে বুলি বাতৰি প্ৰকাশ পোৱাৰ পিছতে ছ’চিয়েল ট্ৰুথত ট্ৰাম্পে এই পোষ্টটো প্ৰকাশ কৰিছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে লেবাননৰ বিষয়াসকলে অতি সোনকালে চুক্তিত উপনীত হ’ব বুলি আশা কৰিছে। এই চুক্তি সম্ভৱতঃ এই সপ্তাহতে কাৰ্যকৰী হ’ব, বিণ্ট জেবেইলত ইজৰাইলৰ সামৰিক অভিযান শেষ হোৱাৰ পিছত। এই সংঘাতৰ বাবেই আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা আলোচনাও কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই। উল্লেখযোগ্য যে ইজৰাইল আৰু লেবাননৰ সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ মাজত যুদ্ধ এতিয়াও বন্ধ হোৱা নাই। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে দক্ষিণ লেবাননৰ বাসিন্দাসকলক ঘৰ-দুৱাৰ খালী কৰিবলৈ সকীয়াই দিছে।

ইজৰাইলৰ সেনাৰ মুখপাত্ৰ কৰ্ণেল আভিচাই আদ্ৰাইয়ে এক্সত কয় যে, হিজবুল্লাহৰ সন্ত্ৰাসবাদী কাৰ্যকলাপে আইডিএফক ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছে। আক্ৰমণ অব্যাহত আছে। গতিকে নিজৰ সুৰক্ষাৰ বাবে ঘৰ খালী কৰি জাহৰানী নদীৰ উত্তৰ দিশলৈ আগবাঢ়ি যাওক।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande