কাৰ্বি আংলং জিলাৰ উমচুৱাইৰ আমচাং পিনুঙত তিৱা জনগোষ্ঠীৰ কৃষিভিত্তিক লুখুমী য়াংলি উৎসৱৰ আয়োজন
কাৰ্বি আংলং, ১৬ এপ্ৰিল (হি.স.)। প্ৰতি ৫ বছৰৰ মূৰেমূৰে অনুষ্ঠিত হয় তিৱা জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ লুখুমী য়াংলি অৰ্থাৎ লখিমী আদৰা উৎসৱ ৷ এইবেলিও তিৱা জনগোষ্ঠীৰ হৃদপিণ্ড স্বৰূপ কাৰ্বি আংলং জিলাৰ উমচুৱাইৰ আমচাং পিনুঙত অহা ২২, ২৩ আৰু ২৪ এপ্ৰিলত অনুষ্ঠি
কাৰ্বি আংলং জিলাৰ উমচুৱাইৰ আমচাং পিনুঙত তিৱা জনগোষ্ঠীৰ কৃষিভিত্তিক লুখুমী য়াংলি উৎসৱৰ আয়োজন


কাৰ্বি আংলং, ১৬ এপ্ৰিল (হি.স.)। প্ৰতি ৫ বছৰৰ মূৰেমূৰে অনুষ্ঠিত হয় তিৱা জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ লুখুমী য়াংলি অৰ্থাৎ লখিমী আদৰা উৎসৱ ৷ এইবেলিও তিৱা জনগোষ্ঠীৰ হৃদপিণ্ড স্বৰূপ কাৰ্বি আংলং জিলাৰ উমচুৱাইৰ আমচাং পিনুঙত অহা ২২, ২৩ আৰু ২৪ এপ্ৰিলত অনুষ্ঠিত হ’ব এই বিশেষ কৃষিভিত্তিক উৎসৱটি ৷ ইতিমধ্যে লখিমী আদৰা উৎসৱৰ প্ৰস্তুতি আৰম্ভ কৰিছে গাঁওবাসীয়ে ৷

পাহাৰ ভৈয়ামত বসবাস কৰা তিৱা সকলৰ লগতে সকলো স্তৰৰ লোকক উক্ত উৎসৱত আমন্ত্ৰণ জনাইছে উদযাপন সমিতিয়ে ৷ জাগীৰোডৰ ঐতিহাসিক গোভা দেওৰজা চাৰিভাই দেওশাল শিৱথানত এক সংবাদমেল আয়োজন কৰি এই কথা সদৰি কৰে ৷ সংবাদমেলত গোভা ৰজা দিপসিং দেওৰজা, গোভা দেওৰজা ৰাজদৰবাৰ পৰিচালনা সমিতিৰ সভাপতি নগেন কোঁৱৰ, সম্পাদক জুৰচিং বৰদলৈ, সদস্য দ্বিপেন কোঁৱৰ, অমৰ বৰদলৈ, কাৰ্বিআংলং জিলাৰ উমচুৱাইৰ আমচাং পিনুং গাঁৱৰ লিমচিং পোমা, চানজাই মাছলাই আদি কেইবাগৰাকীও লোক উপস্থিত থাকে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande