লামডিঙত ৰঙালী বিহু উদযাপন
হোজাই, ১৬ এপ্ৰিল (হি.স.)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰেল নগৰী লামডিঙতো অসমীয়াৰ প্ৰাণৰেখা ৰঙালী বিহু উদযাপন কৰা হয় ৷ পুৱাৰে হৰুলংফাৰস্থিত লামডিং নামঘৰ বাকৰিত ৰঙালী বিহু উদযাপন কৰা হয় ৷ নামঘৰৰ ৰাইজৰ উদ্যোগত পুৱাই পতকা উত্তোলন, শ্বহীদ তৰ্পনৰ লগতে মুক
লামডিঙত ৰঙালী বিহু উদযাপন


হোজাই, ১৬ এপ্ৰিল (হি.স.)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰেল নগৰী লামডিঙতো অসমীয়াৰ প্ৰাণৰেখা ৰঙালী বিহু উদযাপন কৰা হয় ৷ পুৱাৰে হৰুলংফাৰস্থিত লামডিং নামঘৰ বাকৰিত ৰঙালী বিহু উদযাপন কৰা হয় ৷

নামঘৰৰ ৰাইজৰ উদ্যোগত পুৱাই পতকা উত্তোলন, শ্বহীদ তৰ্পনৰ লগতে মুকলি বিহুৰে বিহুৰ আৰম্ভণি কৰাৰ লগতে বিভিন্ন খেল ধেমালিৰে অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহু উলহ মালহেৰে পালন কৰে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande