
গোলাঘাট, ১৬ এপ্ৰিল (হি.স.)। গোলাঘাট জিলাৰ ঢেকীয়ালত এক ভয়ঙ্কৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে । এই ঘটনাত থিতাতে এজন নিহত হোৱাৰ লগতে আন দুজনৰ অৱস্থা সংকটজনক হৈ পৰে । পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত সংঘটিত হয় এই পথ দূৰ্ঘটনা।
সংযোগী পথৰ পৰা ওলাই অহা বাইক আৰু পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ বাইকৰ মাজত সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে । বাইক দুখনৰ নম্বৰ ক্ৰমে এএছ ০৫ এল ৪৭৫৪ আৰু এএছ ০৬ এক্স ৩০৯৭ বুলি জনা গৈছে। ঘটনা স্থলীত ঢেকীয়াল আৰক্ষী উপস্থিত হৈ ব্যৱস্থা গ্ৰহণ কৰে। ইফালে সংকটজনক অৱস্থাত থকা দুয়োজনকে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ঘটনাক কেন্দ্ৰ কৰি ঢেকীয়ালত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা