জাগীৰোডত সংঘটিত পথ দুৰ্ঘটনাত আহত কেইবাজন
জাগীৰোডত সংঘটিত হয় এক পথ দুৰ্ঘটনা।
জাগীৰোডত সংঘটিত হয় এক পথ দুৰ্ঘটনা।


মৰিগাঁও, ১৬ এপ্ৰিল (হি.স.)। মৰিগাঁও জিলাৰ জাগীৰোডত আজি সংঘটিত হয় এক পথ দুৰ্ঘটনা । জাগীৰোডৰ শিৱমন্দিৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণ সেঁতুৰ ওপৰত আজি পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰামতে, নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজতে বাগৰি পৰে উজনিৰ পৰা গুৱাহাটী অভিমুখী এআৰ ২০ বি ৯৫৭৮ নম্বৰৰ নৈশ বাছখন। পুৱা প্ৰায় ৪ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনা । এই ঘটনাত

যাত্ৰীবাহী বাছখনৰ কেইবাগৰাকী লোক গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত যানবাহন আৰক্ষী উপস্থিত হৈ যাত্ৰীসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande