
নগাঁও, ১৬ এপ্ৰিল (হি.স.)। চামগুৰিৰ লুংচুঙত উত্তপ্ত পৰিস্থিতি । হিন্দু যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগত ইছলাম ধৰ্মৰ ৰুবিন আহমেদৰ দোকান ভাঙি লণ্ড ভণ্ড কৰে স্থানীয় ৰাইজে। উল্লেখ্য যে বহাগৰ পহিলা দিনটোতে পোহৰলৈ আহিছিল নাবালিকা হিন্দু যুৱতীক নিৰ্যাতন চলোৱাৰ ঘটনা।
ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰুবিন আহমেদক। স্থানীয় ৰাইজে সহজ ভাবে লব পৰা নাই সমগ্ৰ ঘটনা। ৰুবিন আহমেদৰ বিৰুদ্ধে পূৰ্বৰে পৰা আছিল অনুৰূপ ঘটনা সংঘটিত কৰাৰ অভিযোগ। ৰুবিন আহমেদৰ আছে দুই সন্তান, দুবাৰকৈ বিবাহ পাশত আবদ্ধ হৈছিল ৰুবিন। ঘটনা স্থলীত চামগুৰি আৰক্ষী উপস্থিত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ