
বাক্সা, ১৬ এপ্ৰিল (হি.স.)। ৰঙালী বিহুক লৈ ৰাজ্যত অব্যাহত আছে ব্যাপক উচাহ উদ্দীপনা । ইয়াৰ মাজতে অসমৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলে গোৰেশ্বৰৰ গাছবৰীত বাঁহ গোঁসাই উৎসৱ পালন কৰে।
গাছবাৰীত শৰণীয়া কছাৰী লোকসকলে পৰম্পৰাগতভাবে গাঁৱৰ নামঘৰত এডাল বাঁহত গাখীৰ ঢালি, তেল- সেন্দুৰ সানি বাঁহ গোঁসাই সজায় । ইয়াৰ পিছতে গাঁওখনৰ ৰাইজে একত্ৰিত হৈ ঘৰে ঘৰে বাঁহ গোসাঁই ফুৰায়। ঘৰৰ লোকসকলেও অপায় অমঙ্গল দূৰ কৰাৰ লগতে কৃষিকাৰ্য নদন-বদন হোৱাৰ কামনা কৰি বাঁহ গোঁসাইক প্ৰাৰ্থনা জনায় । গাঁওখনত বাঁহ গোসাঁই পৰিভ্ৰমণ কৰোৱা ৰাইজেও গৃহস্থৰ মঙ্গল কামনা কৰি আশীৰ্বাদ দিয়ে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা