
বাক্সা, ১৬ এপ্ৰিল (হি.স.)। গোৰেশ্বৰৰ গাছবাৰীত শৰণীয়া কছাৰী জনগোষ্ঠীৰ বাঁহ গোঁসাই উৎসৱ পালন। ৰঙালী বিহুক কেন্দ্ৰ কৰি ৰাজ্যত অব্যাহত আছে ব্যাপক উৎসাহ উদ্দীপনা। ইয়াৰ মাজতে অসমৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলে গোৰেশ্বৰৰ গাছবৰীত বাঁহ গোঁসাই উৎসৱ পালন কৰে। গাছবাৰীত শৰণীয়া কছাৰী লোকসকলে পৰম্পৰাগত ভাবে গাঁৱৰ নামঘৰত এডাল বাঁহত গাখীৰ ঢালি, তেল- সেন্দুৰ সানি বাঁহ গোঁসাই সজায় ।
ইয়াৰ পিছতে গাঁওখনৰ ৰাইজে একত্ৰিত হৈ ঘৰে ঘৰে বাঁহ গোসাঁই ফুৰায়। ঘৰৰ লোক সকলেও অপায় অমঙ্গল দূৰ কৰাৰ লগতে কৃষিকাৰ্য নদন-বদন হোৱাৰ কামনা কৰি বাঁহ গোঁহাইক প্ৰাৰ্থনা জনায়। গাঁওখনত বাঁহ গোসাঁই পৰিভ্ৰমণ কৰোৱা ৰাইজেও গৃহস্থৰ মঙ্গল কামনা কৰি আশীৰ্বাদ দিয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু