গোলকগঞ্জত আক্ৰাছুৰ বিষুৱা উৎসৱত ষাঠি বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকৰ মাৰাথন দৌৰ
গোলকগঞ্জৰ কছাৰীহাটত অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বিষুৱা উদযাপন।
গোলকগঞ্জত আক্ৰাছুৰ বিষুৱা উৎসৱত ষাঠি বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকৰ মাৰাথন দৌৰ


ধুবুৰী, ১৬ এপ্ৰিল (হি.স.): বিহুৰ সমান্তৰালকৈ গোলকগঞ্জৰ কছাৰীহাটত সাত দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰা বিষুৱা। গোলকগঞ্জৰ কছাৰীহাটত অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বিষুৱা উদযাপন কৰা হৈছে। বিষুৱা উপলক্ষে জ্যেষ্ঠ নাগৰিকৰ বাবে এক ব্যতিক্ৰমী মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।

ষাঠি বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকসকলে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত । বৰ্তমান সময়ত যুৱপ্ৰজন্মক স্বাস্থ্য সচেতনতা আৰু শাৰীৰিক সক্ষমতাৰ গুৰুত্বৰ বিষয়ে সজাগ কৰা উদ্দেশ্যেৰে মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এই বিশেষ প্ৰতিযোগিতা জৰিয়তে প্ৰথম আৰু দ্বিতীয় স্থান প্ৰাপ্ত দুগৰাকী জ্যেষ্ঠ নাগৰিকক বাছনি কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande