
শিৱসাগৰ, ১৬ এপ্ৰিল (হি.স.)। আজি গোঁসাই বিহু। সমগ্ৰ অসমতে ব'হাগ মাহৰ দ্বিতীয়টো দিন গোঁসাই বিহু হিচাপে উদযাপন কৰা হয়। উক্ত দিনটোত দেখিবলৈ পোৱা গৈছে নামঘৰ , মন্দিৰ , দৌল দেৱালয় আদিত ভক্তৰ লানী নিচিগা শাৰী বৃহৎ সমাবেশ ।সকলোৱে নেদেখা জনৰ ওচৰত মুৰ দোৱাই আগন্তক বৰ্ষটো যাতে সুকলমে পাৰ হই ইয়াৰ বাবে আশীৰ্বাদ বিচাৰিছে। নাজিৰাৰ অগ্নিনাভ মন্দিৰটো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত সকলক ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু