
লক্ষীমপুৰ, ১৬ এপ্ৰিল (হি.স.)। আজি ভূমিপুত্ৰ দেউৰী জনগোষ্ঠী লোক সকলৰ বহাগৰ বিহু।নাৰায়নপুৰত দেউৰী জনগোষ্ঠী লোক সকলৰ মাজত উখল মাখল পৰিবেশ। বহাগৰ প্ৰথমটো বুধবাৰে উৰুকা আৰু বৃহস্পতিবাৰে দেউৰী সকলে বিহু পালন কৰে। বুধবাৰে ওৰেটো নিশা বিহু মৰাৰ পিছত বৃহস্পতিবাৰে পুৱাৰে পৰা বোকা বিহু পালন কৰে দেউৰী সকলে।
গাঁৱৰ ডেকা গাভৰু, জীয়ৰী বোৱাৰী সকলো একেলগ হৈ ইজনে সিজনক বোকা সানি বিহু নাচি আনন্দ উল্লাস কৰি সমিল মিলেৰে বহাগৰ বিহুটো উদযাপন কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু