ৰঙাপৰাৰ ২ নং নামনিগাঁৱত মৃতদেহ উদ্ধাৰত চাঞ্চল্যৰ সৃষ্টি
শোণিতপুৰ, ১৬ এপ্ৰিল (হি.স.)। ৰঙাপৰাত এক অঘটন সংঘটিত হয়৷ ৰঙাপৰাৰ ২ নং নামনিগাঁৱত মৃতদেহ উদ্ধাৰত চাঞ্চল্যৰ সৃষ্টি হয়৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজি পুৱা এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰঙাপৰাৰ ২ নং নামনিগাঁ
ৰঙাপৰাৰ ২ নং নামনিগাঁৱত মৃতদেহ উদ্ধাৰত চাঞ্চল্যৰ সৃষ্টি


শোণিতপুৰ, ১৬ এপ্ৰিল (হি.স.)। ৰঙাপৰাত এক অঘটন সংঘটিত হয়৷ ৰঙাপৰাৰ ২ নং নামনিগাঁৱত মৃতদেহ উদ্ধাৰত চাঞ্চল্যৰ সৃষ্টি হয়৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজি পুৱা এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰঙাপৰাৰ ২ নং নামনিগাঁৱত এটা পুখুৰীৰ পানীত গাঁওখনৰে নিৱাসী বীৰছা ভূমিজৰ মৃতদেহ ওপঙি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি স্তম্ভিত হৈ পৰে।

উক্ত ঘটনাৰ সন্দৰ্ভত ৰাইজে ৰঙাপৰা আৰক্ষী থানাত অৱগত কৰাৰ পিছতে ঘটনাস্থলীত ৰঙাপৰা আৰক্ষীৰ এটা দল উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । বীৰছা ভূমিজ নামৰ লোক জনে পুখুৰীটোৰ পাৰলৈ যোৱাৰ সময়তে হঠাৎ পিছল খাই পৰি মৃত্যু হোৱা বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande