জালাহত ৰঙালী বিহুৰ ৰূপালী জয়ন্তী উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা
বাক্সা, ১৬ এপ্ৰিল (হি.স.)। বাক্সাৰ জালাহত ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী মহোৎসৱ উপলক্ষে উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা।অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি গোসাঁই বিহু। সমগ্ৰ ৰাজ্যতে ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ চলি থকাৰ সময়তেই বাক্
জালাহত ৰঙালী বিহুৰ ৰূপালী জয়ন্তী উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা


বাক্সা, ১৬ এপ্ৰিল (হি.স.)। বাক্সাৰ জালাহত ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী মহোৎসৱ উপলক্ষে উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা।অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি গোসাঁই বিহু। সমগ্ৰ ৰাজ্যতে ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ চলি থকাৰ সময়তেই বাক্সা জিলাৰ জালাহ ৰঙালী বিহু সন্মিলনৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৰঙালী বিহুৰ ৰূপালী জয়ন্তী মহোৎসৱৰ আজি সামৰণিৰ দিনা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

সাংস্কৃতিক শোভাযাত্ৰাত বিহু, ঝুমুৰ, কাৰ্বি জনগোষ্ঠীয় সংস্কৃতি, ৰাভা সংস্কৃতি, ৰাধা কৃষ্ণ, দৰা- কইনা, কনকলতা, বিহু উপলক্ষে মহিলা সকলে পিঠা পনা বনোৱা এক মনোৰম দৃশ্যকে আদি কৰি অসমীয়া লোক সংস্কৃতিৰ প্ৰতিফলন ঘটা দেখা যায়। আবেলি মুকলি সভা আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে ৰঙালী বিহুৰ ৰূপালী জয়ন্তী মহোৎসৱৰ সামৰণি পৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande